NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক; উৎফুল্লিত কাজিৰঙা

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত December 9, 2021 4:09 pm
President Award

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকাই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ পদক ৷

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ দেৱেশ্বৰী বন শিৱিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ভুপেন হাজৰিকাই ২০১০ চনৰ ১২ ডিচেম্বৰৰ নিশা সাহসিকতাৰে গঁড় চিকাৰীৰ লগত যুঁজি অস্ত্ৰসহ গঁড়ৰ খৰ্গ উদ্ধাৰ কৰি কাজিৰঙালৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

যোৱা ৬ ডিচেম্বৰত গুৱাহাটীৰ পানীখেতিত থকা গৃহৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ভূপেন হাজৰিকাক ৰাষ্ট্ৰপতিৰ পদক আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰা ভূপেন হাজৰিকাই হ’ল প্ৰথম গৰাকী গৃহৰক্ষী জোৱান৷

Also Read: কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি? অসম তথা উত্তৰ-পূব গ্ৰাহকসকলে? কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত

২০১০ চনৰ ১২ ডিচেম্বৰৰ পুৱতি নিশা কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ টুৰটুৰণি কাঠনিত চোৰাংচিকাৰীয়ে এজনী মাইকী গঁড় হত্যা কৰি খৰ্গটো কাটি লৈ গৈছিল যদিও ভূপেন হাজৰিকা আৰু তেওঁ সহকৰ্মী গংগা বৰা আৰু ৰুস্তম তিমুঙে অতি সাহসিকতাৰেই গঁড় হত্যাকাৰী চোৰাংচিকাৰী দলটোৰ সৈতে বনাঞ্চলৰ ভিতৰতেই সমুখ সমৰত লিপ্ত হৈছিল ৷

এই সমৰত নৰেণ পেগু নামৰ দুৰ্ধৰ্ষ চোৰাংচিকাৰীজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল ৷ ভূপেন হাজৰিকা আৰু তেওঁ দলে নিহত নৰেণ পেগুৰ পৰা হত্যা কৰা গঁড়ৰ খৰ্গ,  এটা বন্দুক, এটা পিষ্টল আৰু গুলী বাৰুদ উদ্ধাৰ কৰিছিল ৷

উক্ত নিশা গঁড় হত্যাৰ পিচতে ঘটনাস্থলীলৈ বুলি ৰাওনা হোৱা ভূপেন হাজৰিকাৰ দলক চোৰাংচিকাৰী নৰেণ পেগুৰ দলে বনাঞ্চলৰ ভিতৰতেই প্ৰত্যাহ্বান জনাই গুলীৰে আক্ৰমন কৰিছিল৷ প্ৰত্যুত্তৰত ভূপেন হাজৰিকাৰ দলেও চোৰাং চিকাৰীৰ দললৈ বুলি গুলী চলাইছিল ৷

Also Read: সমাপ্তি ঘটিব কৃষক আন্দোলনৰ, ১১ ডিচেম্বৰত প্ৰতিবাদস্থলী এৰিব কৃষকে

ঘটনাৰ ১০ টা বছৰৰ পিচত এই সাহসিকতাৰ বাবেই গৃহৰক্ষী ভূপেন হাজৰিকাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মানপত্ৰ পদক প্ৰদান কৰে ৷

ভূপেন হাজৰিকালৈ আগবঢ়োৱা এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে কাজিৰঙাৰ বনকৰ্মী সকললৈকো অনুপ্ৰেৰণা কঢ়িয়াই আনিছে ৷