NORTHEAST NOW (Assamese)

শিলাদিত্য দেবৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত গোচৰ ধুবুৰী যুৱ কংগ্ৰেছ কমিটীৰ

October 15, 2018 6:51 pm ·

ধুবুৰী যুৱ কংগ্ৰেছ কমিটীয়ে ধুবুৰী আৰক্ষী থানাত বিজেপি দলৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে এখন এজাহাৰ দিছে। যুৱ কংগ্ৰেছ কমিটীখনে বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে।

কমিটীৰ সভাপতি আলতাফ মণ্ডল  স্বাক্ষৰ কৰা এজাহাৰখনত কোৱা হৈছে যে অভিযুক্ত বিধায়কগৰাকীয়ে ধুবুৰী ভ্ৰমণ কৰাৰ সময়ত সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য ৰাখিছিল। অসমত বাস কৰা ইছলামধৰ্মী লোকৰ মাজত বিধায়ক শিলাদিত্যৰ বক্তব্যই আঘাত কৰিছে। বিগত কেইদিন মানৰ পৰা বিধায়ক শিলাদিত্য দেবে ধৰ্মৰ ভিত্তিত সমাজক বিভাজিত কৰাৰ প্ৰচেষ্টাত আছে বুলি এজাহাৰখনত কোৱা হৈছে।

গুৱাহাটীত শেহতীয়াভাৱে আলফাই সংঘটিত কৰা বোমা বিষ্ফোৰণৰ আঁত ধৰি বিধায়কগৰাকীৰ উক্তিৰে এজাহাৰখনত আৰু কোৱা হৈছে, ‘‘ঈদৰ পূৰ্বে বোমা বিষ্ফোৰণ কৰিবলৈ তেওঁৰ (পৰেশ বৰুৱা) সাহস হ’বনে? ধুবুৰী, বৰপেটা আৰু গোৱালপাৰাৰ দৰে স্থানত তেওঁ বোমা বিষ্ফোৰিত কৰিবলৈ সাহস কৰিব পৰিবনে?” এই ধৰণৰ মন্তব্যৰে বিধায়কগৰাকীয়ে বোমা বিষ্ফোৰণৰ ঘটনাক সামপ্ৰদায়িকতাৰ ৰং দিবলৈ চেষ্টা কৰিছে বুলি আৰু সন্ত্ৰাসবাদী সংগঠনসমূহক মুছলিম সম্প্ৰদায়ক লক্ষ্য কৰি ল’বলৈ প্ৰৰোচিত কৰিছে বুলি এজাহাৰখনত কোৱা হৈছে।

এজাহাৰখনত আৰু কোৱা হৈছে যে বিধায়কগৰাকীয়ে এনআৰচিৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলি মহামান্য সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰিছে। হোজাইৰ বিধায়কগৰাকীয়ে মন্তব্য কৰিছে যে লাখ লাখ বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হৈছে। ইয়ে ৰাজ্যখনৰ ইছলামধৰ্মী লোকসকলক আঘাত কৰিছে বুলি এজাহাৰখনত কোৱা হৈছে।

গতিকে এজাহাৰখনৰ মতে বিধায়ক শিলাদিত্য দেবে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত আছে।  ধুবুৰী যুৱ কংগ্ৰেছ কমিটীয়ে শিলাদিত্য দেবক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বুলি দাবী জনাইছে।

Related News