NORTHEAST NOW (Assamese)
অসম

সেমেকা বতৰৰ বাবে অস্বস্তিত পৰিছে ডিব্ৰুগড়ৰ পূজা কমিটি

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী October 15, 2018 6:41 pm
Dibrugarh Puja

অসমৰ সকলো প্ৰান্তৰ লোক এতিয়া দুৰ্গা পূজাৰ উছাহ-উদ্দীপনাত ব্যস্ত। তাৰ মাজতে ডিব্ৰুগড়ৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে দুৰ্গা পূজা উপভোগ কৰাত হেঙাৰ হৈ ঠিয় দিছে বৰষুণে। বৰষুণৰ বাবে এতিয়া জিলাখনৰ ২৫৭ খন পূজা কমিটি অস্বস্তিত পৰা পৰিলক্ষিত হৈছে।

‘পূজা মণ্ডপৰ কাম-কাজত বৰষুণে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে। বৰষুণৰ বাবে শ্ৰমিকসকলে কাম-কাজ কৰিব পৰা নাই’। এনেদৰে ঝালুকপাৰা পূজা কমিটিৰ এজন সদস্যই মন্তব্য কৰে। তেওঁ লগতে কাইলৈৰ পৰা আকাশ ফৰকাল হ’ব বুলিও আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ অধিকাংশ পূজা কমিটিয়ে পৰিৱেশ সংৰক্ষণ, শান্তি-সম্প্ৰীতি তথা পৰিষ্কাৰ-পৰিচ্চন্নতাকে এইবাৰৰ পূজাৰ থিম হিচাপে ব্যৱহাৰ কৰিছে।

ইফালে জ্যোতিনগৰ সাৰ্বজনীন শ্ৰী দুৰ্গা পূজাখনে এইবেলি ২৫ বছৰত ভৰি দিছে। ‘যোৱা পাঁচবছৰৰ পৰা আমি বিশেষ বিশেষ থিম ব্যৱহাৰ কৰি আহিছো। এইবছৰো আমি ভক্তৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে পূজাৰ থিম হিচাপে লৈছো ‘ৰামচৰিতমানস’। ভক্তৰ সমাগম উৎসাহজনক হ’ব বুলি আমি আশা কৰিছো’। এইদৰে পূজা কমিটিৰ সদস্য অনিল পোড্ডাৰে জনায়।

মন কৰিবলগীয়া যে জিলাখনত দুৰ্গা পূজাৰ সময়ত যাতে কোনো ধৰণৰ বেমেজালি তথা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰাশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও প্ৰশাসনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।