NORTHEAST NOW (Assamese)

বিশিষ্ট লেখক-নিবন্ধকাৰ, বাঁ‌ওপন্থী আন্দোলনৰ নেতা অনন্ত কলিতাৰ অকাল বিয়োগত ডি ৱাই এফ আইৰ শোক প্ৰকাশ

August 27, 2023 8:01 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশিষ্ট নিবন্ধকাৰ তথা লেখক, বাঁ‌ওপন্থী আন্দোলনৰ নেতা, নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক  সভাপতি, চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্য, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক তথা ষ্টাফ এচোছিয়েছনৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত চন্দ্ৰ কলিতাৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। 

শ্ৰমিক আন্দোলনৰ মাজেৰে সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ পৰা অনন্ত কলিতাই বাতৰি কাকত আলোচনীত অৰ্থনীতি, সামাজিক, ৰাজনৈতি, সাহিত্য-সংস্কৃতি, আৰু ঐক্য-সংহতিৰ বাবে ধাৰাবাহিক প্ৰবন্ধ লিখাৰ মাজেৰে বৃহৎ অৱদান আগবঢ়াই আহিছিল।

 “সমকালীন অৰ্থনীতিঃবিকল্পৰ অন্বেষণ”, “অসম আৰু অসমৰ জাতীয় সমস্যা”, “নব্য উদাৰ অৰ্থনীতি আৰু বিকল্প”, “বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা” আদি কেইবাখনো তেখেতৰ মূল্যবান গ্ৰন্থ আগবঢ়াই গৈছে। লিখা-মেলাৰ কাম সক্ৰিয়ভাৱে কৰা লগতে ৰাজ্যখনৰ ৰাজনৈতিক অৰ্থনৈতিক, সামাজিক আদি বিষয়ক লৈ হোৱা আন্দোলন সভা-সমিতিত তেওঁ নিয়মীয়াভাৱে যোগদান কৰিছিল। 

নতুন সাহিত্য পৰিষদৰ শেহতীয়া কলগাছিয়া অধিৱেশনত অনন্ত কলিতা সভাপতি হিচাপে নিৰ্বাচিত হৈ দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু আলোচনীখনৰ সম্পাদনা সমিতিৰ অন্যতম সদস্য আছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী আন্দোলনৰ তেওঁ আছিল এগৰাকী প্ৰথম শাৰীৰ সৈনিক আৰু ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক। কা-বিৰোধী সমন্বয় সমিতি, অসম নাগৰিক সমাজ, আদি বিভিন্ন সংগঠনৰ লগতো অনন্ত কলিতাই সক্ৰিয়ভাৱে জড়িত হৈ আছিল।

Related News