NORTHEAST NOW (Assamese)
অসম

বি টি এ ডিত নিযুক্তিৰ নামত নিত্য-নতুন প্ৰবঞ্চনা  : প্ৰবঞ্চনা বন্ধ কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী ডি ৱাই এফ আইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 16, 2025 7:01 pm

বি টি এ ডিত নিযুক্তিৰ নামত হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰা প্ৰবঞ্চনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে।

মিত্ৰ জোঁ‌টৰ দুই মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বি টি এডিৰ মুখ্য শাসক প্ৰমোদ বড়োৱে নিযুক্তিৰ নামত ৰঙীন প্ৰতিশ্ৰুতি দি থকাৰ সময়তে বাস্তৱত পোহৰলৈ আহিছে সম্পূৰ্ণ বিপৰীত দৃশ্য। স্বায়ত্ব শাসিত পৰিষদখনৰ অধীনৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকাৰ সময়তে প্ৰায় ৩৫০০ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিও আজি এবছৰে নিযুক্তিৰ ব্যৱস্থা নকৰিলে। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদসমূহৰ নিযুক্তিৰ সকলো প্ৰক্ৰিয়া শেষ কৰাৰ পিছতো আজি এবছৰে কোনো পদক্ষেপ নললে।

আশ্চৰ্যজনকভাৱে উচ্চ মাধ্যমিক (জি টি) আৰু উচ্চতৰ মাধ্যমিক (পিজিটি)ৰ ২৭৬ টা শিক্ষক পদৰ লগতে এল.পি আৰু এম.ই. স্কুলৰ ১০০০ টা শিক্ষক পদৰ দ্বিতীয় যোগ্য তালিকা প্ৰকাশ কৰাৰ পৰিৱৰ্তে  হাইস্কুল আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৫৫২ টা ঠিকাভিত্তিক শিক্ষক পদৰ বিজ্ঞাপনহে প্ৰকাশ কৰিছে। এই ঠিকাভিত্তিক শিক্ষক পদৰ দৰমহা হব ১০ হাজাৰ টকা আৰু মাত্ৰ ছয় মাহৰ বাবেহে তেওঁলোকক নিযুক্তি দিয়া হব। গুৰুত্বপূৰ্ণ কথাটো হৈছে এতিয়ালৈ যিমানবোৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছে প্ৰতিটো নিযুক্তি পৰীক্ষাৰ স্বচ্ছতাকলৈ প্ৰশ্ন উদয় হৈছে। বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সঘনাই ভাষ্য সলাই থকাক লৈও নানা শংকাৰ সৃষ্টি কৰিছে। এয়া শিক্ষা ব্যৱস্থা আৰু যুৱক-যুৱতী সকলোৰ জীৱনৰ প্ৰতি ভেঙুচালি বুলি ডি ৱাই এফ আইয়ে অভিহিত কৰিছে। বি টি এ ডিত যিকোনো মুহূৰ্ততে নিৰ্বাচনৰ দিন ঘোষণা হ’ব আৰু নিৰ্বাচনী অধিসূচনাও আৰম্ভ হ’ব। কিন্তু এতিয়ালৈ নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত হোৱা পদসমূহৰ নিযুক্তিৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই। স্বাভাৱিকতে বি টি চি প্ৰশাসনৰ এই দায়িত্বহীন ভুমিকাৰ বাবে সমগ্ৰ অঞ্চলটোতে বৃহৎ সংখ্যক যুৱক-যুৱতী অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। বি টি চিৰ নিযুক্তি প্ৰক্ৰিয়াৰ এই দায়িত্বহীন কৰ্মকাণ্ডৰ বাবে অভিভাৱকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।