NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত স্থাপিত হ’ব এন এ’ বি এল লেব; পৰীক্ষা কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত জৈৱিক সামগ্ৰী

Posted by: এন ই নাও নিউজ April 4, 2018 6:31 pm

জৈৱিক সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে গুৱাহাটীত খোলা হ’ব এন এ’ বি এল (National Accreditation Board for Testing and Calibration Laboratories) স্বীকৃত পৰীক্ষাগাৰ। কৃষি ৰপ্তানি নীতিৰ অধীনত এই পৰীক্ষাগাৰটো স্থাপনৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।

উল্লেখযোগ্য যে ৰপ্তানিযোগ্য জৈৱিক সামগ্ৰী উৎপাদন কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, অসামৰিক বিমান সেৱা মন্ত্ৰী সুৰেশ প্ৰভুৱে পূৰ্বে টুইট কৰিছিল। বৰ্তমান এই উৎপাদনসমূহ পৰীক্ষাৰ বাবে কলকাতালৈ পঠিয়াব লাগে যিটো পৰিবহণৰ ফালৰ পৰা অসুবিধাজনক আৰু ব্যয়বহুল। বিশেষতঃ মছলা পৰীক্ষাৰ বাবে আৰু উত্তৰ-পূবৰ জৈৱিক ৰপ্তানি সম্ভাৱনীয়তা মুকলি কৰাৰ বাবে গুৱাহাটীত এই পৰীক্ষাগাৰটো স্থাপন কৰা হ’ব।