NORTHEAST NOW (Assamese)
অসম

ডিমৌত বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰকল্প প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা

Posted by: হিতোজ্বল চেতিয়া April 4, 2018 6:34 pm

ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ বিকাশ সাধনত দুটা অপৰিহাৰ্য্য বিষয় হৈছে বিজ্ঞান আৰু গণিত। বৈজ্ঞানিক দৃষ্টিভংগীৰে চালেহে আমি আমাৰ চৌপাশৰ মৰ্যদা বুজিব পাৰিম। এনে উদ্দেশ্যৰেই আজি ডিমৌ বালিকা উচ্চ মাধ‍্যমিক বিদ্যালয়ত ‘ক’ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযান ‘জ্ঞানমেলা’ নামেৰে এক মণ্ডল পৰ্যায়ৰ বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰকল্প প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানটো অসম সৰ্বশিক্ষা আচনিৰ অধীনত অনুষ্ঠিত কৰা হয়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত মহেন্দ্ৰ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানটোত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দূৰ্গামাধৱ দিহিংঙীয়া, বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত উদয় দত্ত তথা বিদ্যালয়খনৰ অন্য শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত আছিল।

প্ৰতিযোগিতাখনৰ বিচাৰকৰ দ্বায়িত্বত আছিল ডিমৌ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক মৃণাল গগৈ।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে প্ৰস্তুত কৰা বিভিন্ন প্ৰকল্প সমূহৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে নিজৰ বৈজ্ঞানিক চিন্তা আৰু প্ৰতিভাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হয়।

মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দূৰ্গামাধৱ দিহিংঙীয়াই আজিৰ অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান আৰু গণিতৰ প্ৰতি অনুসন্ধিৎসু তথা আগ্ৰহী কৰি তুলিব বুলি। অনাগত দিনটো প্ৰত‍্যেকখন বিদ্যালয়তে সময়ে সময়ে এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।