NORTHEAST NOW (Assamese)

চচলত আন্দোলনৰত ফাৰ্মাচিষ্ট সকলৰ দাবী লোৱাৰ দাবী DYFI ৰ

June 28, 2024 9:24 pm · এন ই নাও নিউজ
Updated: June 28, 2024 8:29 pm

স্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচিষ্ট ডিগ্ৰী লোৱা ফাৰ্মাচিষ্টসকলক শীঘ্ৰে পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে আৰম্ভ কৰা আন্দোলনৰ যুক্তিসংগত দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে।

আজি চচলত চলি থকা ধৰ্ণা স্থলিলৈ গৈ সংগঠন দুটাৰ ৰাজ্যিক সম্পাদক ক্ৰমে সংগীতা দাস আৰু ৰিতু ৰঞ্জন দাসে ফাৰ্মাচিষ্ট সকলৰ দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন দিয়াৰ লগতে দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়।

এছ এফ আই আৰু ডি ৱাই এফ আইয়ে মত প্ৰকাশ কৰি কৈছে যে ফাৰ্মাচিষ্টৰ পঞ্জীয়নৰ বিষয়টো ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ বিষয়।

যি সময়ত সমগ্ৰ ৰাজ্যতে অবৈধ ফাৰ্মাচিষ্টৰ সংখ্যা কাঠফুলাৰ দৰে বাঢ়ি আহিছে সেই সময়ত স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়ন কৰি ডিগ্ৰী লোৱা প্ৰায় ৬ হাজাৰ ফাৰ্মাচিষ্টক দুবছৰ ধৰি স্বীকৃতি বন্ধ কৰি ৰখাটো গভীৰ ৰহস্যৰ বিষয়।

গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সৰ্বভাৰতীয় ফাৰ্মাচিষ্ট কাউঞ্চিলৰ স্পষ্ট নিৰ্দেশ থকাৰ পাছতো ডিগ্ৰীধাৰী ফাৰ্মাচিষ্ট সকলক পঞ্জীয়নৰ পৰা বঞ্চিত কৰি ৰখাটো এক গভীৰ ষড়যন্ত্ৰৰ বিষয়। এছ এফ আই আৰু ডি ৱাই এফ আইয়ে দাবী কৰিছে ফাৰ্মাচিষ্ট সকলৰ ন্যায়সংগত দাবী শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰক।

Related News