NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2025 5:48 pm

গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ ত্ৰয়োদশ কামৰূপ মহানগৰ জিলা সন্মিলন অনুষ্ঠিত হয়।অসমকেধৰি দেশজুৰি বাঢ়ি অহা নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতা, ৰাজহুৱা উদ্যোগৰ দুৰ্বল অৱস্থা, ৰাজ্যৰ কৃষি আৰু গ্ৰামীণ অৰ্থনীতিৰ অনগ্ৰসৰতা, আৰু গুৱাহাটীৰ প্ৰান্তীয় শ্ৰেণীৰ নাগৰিকৰ সমস্যাসমূক সম্বোধোন কৰে এই সন্মিলত।

উল্লেখণীয় যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক প্ৰতিনিধিৰ উপস্থিতিতএই সমস্যাসমূহৰ ওপৰত সাবলীল আলোচনা হয় আৰু আগন্তুক দিনত তীব্ৰতৰ সংগ্ৰাম গঢ়ি তোলাৰ অংগীকাৰ ব্যক্ত কৰে। সন্মিলনে গৌতম ভূঞাক সভাপতি আৰু ভাস্বতী গোস্বামীক সম্পাদক হিচাপে লৈ ১৭ জনীয়া এক শক্তিশালী কমিটী গঠন কৰে।

সন্মিলনৰ লগত সংগতি ৰাখি বিয়লি ৩ বজাৰ পৰা সংগঠনটোৱে এক মুকলি আলোচনা সভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰে। এই মুকলি আলোচনা সভাত এপিএছচিৰ কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক জনমত গঢ়ি তোলাত নেতৃত্ব দিয়া মানস প্ৰতিম বৰুৱা, ৰাজ্যৰ অগ্ৰণী পৰিৱেশ ৰক্ষা কৰ্মী তথা সাংবাদিক মহেশ ডেকা আৰু গুৱাহাটীৰ নাগৰিক সমস্যাৰ ক্ষেত্ৰত আগৰণুৱা কৰ্মী পূজা নিৰালা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। আলোচনা সভাৰ পিছতে কেইবাটাও গোটে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰে।