NORTHEAST NOW (Assamese)

আফগানিস্তানত ভয়ংকৰ ভূমিকম্প, কমেও ১৪ জন লোকৰ মৃত্যু, ৭৮ জন আহত

October 7, 2023 5:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে আফগানিস্তানৰ পশ্চিম অংশ ।  শনিবাৰে সংঘটিত এই ভূমিকম্পত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। লগতে প্ৰায় ৭৮ জন লোক আহত হৈছে। 

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। ভূমিকম্পৰ ফলত বহু ঘৰ ভাঙি গৈছে। কিছু অঞ্চলত ভূমিস্খলনো হৈছে। 

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূমিকম্পৰ উৎস আছিল আফগানিস্তানৰ সৰ্ববৃহৎ চহৰ হেৰাটৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমে। ভূমিকম্প অনুভৱ কৰাৰ লগে লগে সেই অঞ্চলৰ বাসিন্দাসকলে ঘৰ-দুৱাৰ-দোকান এৰি ৰাজপথলৈ ওলাই আহে। 

তথ্য অনুসৰি মূল ভূমিকম্পৰ পিছত ৫.৫, ৪.৭, ৬.৩, ৫.৯ আৰু ৪.৬ ৰিখটাৰ স্কেলৰ ৫.৫, ৪.৭, ৬.৩, ৫.৯ আৰু ৪.৬ জোখৰ পাঁচটা আফটাৰশ্বক হয়।

উল্লেখ্য যে যোৱা বছৰ আফগানিস্তানত হোৱা এক ক্ষয়ংকৰী ভুমিকম্পৰ ফলত বহুলোকৰ প্ৰাণ হানি হোৱাৰ লগতে প্ৰায় ১০ হাজাৰ লোক গৃহহীন হৈ পৰিছিল।

Related News