NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষক আদৰাৰ মাজনিশা ভূমিকম্পই জোকাৰি গ’ল দিল্লী-হাৰিয়ানা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 1, 2023 12:54 pm
নৱবৰ্ষক আদৰাৰ মাজনিশা ভূমিকম্পই জোকাৰি গ’ল দিল্লী-হাৰিয়ানা

নতুন বছৰক আদৰণি জনোৱাৰ বাবে ব্যস্ত হৈ থকাৰ মাজতে মাজনিশা বিয়পি পৰিছিল আতংক।নিশা পলমকৈ হোৱা ভূমিকম্পই জোকাৰি গৈছিল হাৰিয়ানা। দিল্লীতো কম্পন অনুভৱ হৈছিল। এমাহৰ পিছত পুনৰ অনুভূত হোৱা ভূমিকম্পৰ ফলত সাধাৰণ লোকসকল উদ্বিগ্ন হৈ পৰিছে।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, শনিবাৰে মাজনিশা দিল্লী, হাৰিয়ানাকে ধৰি কেইবাটাও ঠাইত ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল।

লগতে পঢ়ক: টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল হৰিয়ানাৰ ঝাজ্জৰৰ পৰা ১২ কিলোমিটাৰ দূৰত আছিল। ভূমিকম্পৰ উৎপত্তিস্থল পৃথিৱী পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত আছিল।

নিশা ১:১৯ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। কেইছেকেণ্ডমান ধৰি জোকাৰণি অনুভূত হৈছিল। এই মৃদু কম্পনৰ ফলত কোনো ক্ষতি ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে যোৱা বছৰ নৱেম্বৰত দিল্লীত দুবাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। দুমাহ পূৰ্বে পঞ্জাৱ, অমৃতসৰ আৰু হাৰিয়ানাও ভূমিকম্পই জোকাৰি গৈছিল।