NORTHEAST NOW (Assamese)

দেওবাৰে নিশা হঠাতে কঁপি উঠিল লাডাখ; সঘনাই সংঘটিত হৈছে এনে কম্পন

September 28, 2020 9:40 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ভাৰত-চীন সীমান্তৰ লাডাখ অঞ্চলত এতিয়া সকলোৱে দৃষ্টি ৰাখিছে। এই অঞ্চলক লৈয়েই দেশ দুখনৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ এতিয়াও শাম কটা নাই।

ইয়াৰ মাজতে দেওবাৰে নিশা হঠাতে কঁপি উঠিল লাডাখ।

স্থানীয় সময়মতে দেওবাৰে নিশা ১০বাজি ৫৭মিনিটত লাডাখ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

বাতৰি অনুসৰি, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ মাত্ৰা আছিল ৫.১।

ভূমিকম্পটোৰ উৎস ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ গভীৰত বুলি কোৱা হৈছে।

ভূমিকম্পৰ ফলত ক্ষয়ক্ষতিৰ কোনো বাতৰি পোৱা হোৱা নাই।

আনহাতে, দেওবাৰে পুৱাও এই অঞ্চলটো আন এটা ভূমিকম্পই জোকাৰি গৈছিল। ৰিখটাৰ স্কেলত তাৰ মাত্ৰা আছিল ৩.৭।

সেইদৰে যোৱা শুকুৰবাৰেও লাডাখক ৰিখটাৰ স্কেলত ৫.৪ মাত্ৰাৰ এটা ভূমিকম্পই জোকাৰি গৈছিল।

Related News