NORTHEAST NOW (Assamese)

৫.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অৰুণাচলক

November 10, 2022 11:58 am · এন ই নাও নিউজ,গুৱাহাটী

বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ খবৰ পোৱা গৈছে।

অৱশ্যে, কোনো হতাহত বা কোনো ডাঙৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

ভূমিকম্প আৰু প্ৰভাৱিত অঞ্চলসমূহৰ বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।

ইয়াৰ পূৰ্বে বুধবাৰে নেপালত পুৱা ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত কমেও ছয়জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছিল।

জানিব পৰা মতে ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত ডটি জিলাৰ এটা ঘৰ খহি পৰাৰ ফলত ছয়জন লোকৰ মৃত্যু হয়।
ভূমিকম্পৰ কেন্দ্ৰ পিলিভিটৰ পৰা প্ৰায় ১৫৮ কিলোমিটাৰ উত্তৰ-পূবত আছিল আৰু ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

ভাৰতৰ কেইবাটাও ঠাইতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।

ভাৰতত ভূমিকম্প ৬.৩ ৰিখটাৰ প্ৰাবল্যৰ আছিল।

আজি অৰুণাচলত হোৱা ভূমিকম্পটোৰ উৎপত্তিস্থল পশ্চিম চিয়াঙত বুলি জানিব পৰা গৈছে।

Related News