NORTHEAST NOW (Assamese)

এইবাৰ জাপানত ভূমিকম্প, বহু হতাহতৰ আশংকা…

February 26, 2023 8:17 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

পুনৰ ভূমিকম্প! ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৬.১।  এইবাৰ ভূমিকম্পত কঁপি উঠিল জাপান। অৱশ্যে, সূৰ্যোদয়ৰ দেশত এতিয়াও চুনামিৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই। এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

শনিবাৰে সন্ধিয়া উত্তৰ জাপানৰ হোক্কাইডো প্ৰদেশৰ কেইবাখনো উপকূলীয় চহৰত ভূমিকম্পটো অনুভৱ কৰা হৈছিল। সাগৰৰ ওপৰত কি প্ৰভাৱ পৰিব? চুনামিৰ কোনো সম্ভাৱনা দেখা যোৱ আ নাই।

এতিয়ালৈকে যদিও হতাহতৰ কোনো খবৰ নাই, তথাপি বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

ইপিনে, এই মাহত হোৱা এক প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত কঁপি উঠিছিল তুৰস্ক-ছিৰিয়া। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮! একেৰাহে হৈছিল কেইবাটাও আফটাৰশ্বক। দেশখন প্ৰায় বিধ্বস্ত হৈ গৈছে। ৫০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

যোৱা বছৰৰ মাজভাগতো জাপানত ভূমিকম্প হৈছিল। সেইবাৰ কম্পনৰ পৰিমাণ ইমান বেছি আছিল যে চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল ৰাজধানী টকিঅ’ৰ ওচৰত আছিল।

Related News