NORTHEAST NOW (Assamese)
দেশ

পাঁচ ৰাজ্যৰ নিৰ্বাচন প্ৰসঙ্গত ক’ভিদ পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে স্বাস্থ্য সচিবক সাক্ষাৎ নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2021 7:24 pm
Election Commission

নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়াসকলে আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণক সাক্ষাৎ কৰি অহা বৰ্ষৰ আৰম্ভণিতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অতি সংক্ৰামক অ’মিক্ৰন প্ৰকাৰৰ পৰিপ্ৰেক্ষিতত ক’ভিদ-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

উল্লেখ্য যে যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগ আৰু প্ৰধানমন্ত্ৰীক ক’ভিদ-১৯ৰ অ’মিক্ৰন প্ৰকাৰৰ সংক্ৰমণৰ বাবে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে আজিৰ এই বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

নিৰ্বাচন আয়োগৰ এজন বিষয়াই কয়, “আয়োগে মঙলবাৰে আবেলি লক্ষ্ণৌলৈ এক নিৰ্ধাৰিত নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা বৈঠকৰ বাবে ৰাওনা হ’ব।”

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই যোৱা শুক্ৰবাৰে কৈছিল যে ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত কমিছনে এটা সিদ্ধান্ত ল’ব।

নিৰ্ধাৰিত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমিছনে বৰ্তমান সকলো নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য ভ্ৰমণ কৰিছে। কমিছনে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ আগতে নিৰ্বাচনমুখী ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ প্ৰথা আছে।

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ, আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু ৰাজীৱ কুমাৰে ইতিমধ্যে পঞ্জাৱ, গোৱা আৰু উত্তৰাখণ্ড পৰিদৰ্শন কৰিছে আৰু পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰু মণিপুৰ ভ্ৰমণ কৰাৰ কথা আছে।