NORTHEAST NOW (Assamese)

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am · এন ই নাও নিউজ, গুৱাহাটী

চাহাৰা ইণ্ডিয়া (ছাহাৰা) পৰিৱাৰৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়ৰ পত্নী স্বপ্না ৰায় আৰু পুত্ৰ সুশান্ত ৰায়ৰ বিৰুদ্ধে ১.৭৪ লাখ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) অভিযোগনামা দাখিল কৰিছে। কোটি কোটি বিনিয়োগকাৰীৰ সৈতে জড়িত এই বৃহৎ বিত্তীয় কেলেংকাৰী ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ বিত্তীয় জালিয়াতিৰ গোচৰ হিচাপে বিবেচিত হৈছে।

কলকাতাৰ প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট (পিএমএলএ) আদালতত দাখিল কৰা অভিযোগনামাত ছাহাৰা গ্ৰুপে ব্যাপক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। সুব্ৰত ৰায়ৰ পত্নী আৰু পুত্ৰক পলাতক ঘোষণা কৰা হৈছে, যাৰ ফলত এই গোচৰৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।

ইডিৰ তদন্তত প্ৰকাশ পাইছে যে ছাহাৰা গ্ৰুপে কোটি কোটি বিনিয়োগকাৰীৰ পৰা উচ্চ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল যদিও প্ৰতিশ্ৰুতি দিয়া ধন ঘূৰাই দিব নোৱাৰিলে। এই কেলেংকাৰিৰ মূল অভিযোগ হ’ল চাহাৰা ইণ্ডিয়া আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে অবৈধভাৱে ১.৭৪ লাখ কোটি টকা লুটি নিছে।

অভিযোগনামাত সুব্ৰত ৰায়ৰ পত্নী স্বপ্না ৰায়, পুত্ৰ সুশান্ত ৰায় আৰু গ্ৰুপটোৰ আন আন শীৰ্ষ বিষয়া জে পি ভাৰ্মা আৰু অনিল আব্ৰাহামৰ দৰে নাম উল্লেখ কৰা হৈছে। ইডিৰ তদন্তত চাহাৰা গ্ৰুপৰ হুমৰা ইণ্ডিয়া সমবায় সমিতিৰ পৰা ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ ধন সংগ্ৰহ কৰা বুলিও জানিব পৰা গৈছে, যিয়ে এই প্ৰৱঞ্চনাৰ ব্যাপকতাৰ কথা প্ৰকাশ কৰিছে।

২০২৫ চনৰ জুলাই আৰু আগষ্ট মাহত ইডিয়ে দেশৰ বিভিন্ন চহৰত চাহাৰা গোটৰ সৈতে জড়িত সংস্থাসমূহৰ ওপৰত ব্যাপক অনুসন্ধান চলাইছিল। এই অভিযানৰ ফলত গ্ৰুপটোৰ উল্লেখযোগ্য সম্পত্তি জব্দ কৰা হয়, য’ত ৭০৭ একৰ মাটিও অপৰাধৰ জৰিয়তে অধিগ্ৰহণ কৰা সম্পত্তি বুলি গণ্য কৰা হৈছে।

ইয়াৰ উপৰিও ইডিয়ে পিএমএলএৰ অধীনত চাহাৰাৰ সংস্থাসমূহৰ বিৰুদ্ধে ৫০০ৰো অধিক এফআইআৰ পঞ্জীয়ন কৰিছে। এই কাৰ্য্যসমূহে চাহাৰা গ্ৰুপৰ আৰ্থিক অপৰাধৰ পৰিসৰ আৰু ইয়াৰ ব্যাপক প্ৰভাৱৰ কথাকে প্ৰতিফলিত কৰে।

এই গোচৰৰ শিপা ২০১০ চনতে ৰোপন হৈছিল, যেতিয়া ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে (ছেবি) চাহাৰা গ্ৰুপৰ দুটা সংস্থা—চাহাৰা ইণ্ডিয়া ৰিয়েল এষ্টেট কৰ্প’ৰেশ্যন লিমিটেড (এছআইআৰইচিএল) আৰু চাহাৰা হাউছিং ইনভেষ্টমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (এছএইচআইচিএল)ক—অবৈধভাৱে প্ৰায় ৩ কোটি বিনিয়োগকাৰীৰ পৰা অপচনেললি ফুল কনভাৰ্টিবল বণ্ড (অ’এফচিডি) জাৰি কৰি ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

২০১২ চনত উচ্চতম ন্যায়ালয়ে দুয়োটা সংস্থাক বিনিয়োগকাৰীক ২৪ হাজাৰ কোটি টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিছিল। কিন্তু ছাহাৰা গ্ৰুপে এই নিৰ্দেশ মানি চলাত ব্যৰ্থ হোৱাৰ বাবে ২০১৪ চনত সুব্ৰত ৰায়ক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ২০১৬ চনত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হয় আৰু তেতিয়াৰ পৰাই তেওঁ জেলৰ বাহিৰত আছিল। ২০২৩ চনত সুব্ৰত ৰায়ৰ মৃত্যুৰ পিছত পুনৰ এই গোচৰটো চৰ্চালৈ আহিছে।

সুব্ৰত ৰায়ৰ পত্নী আৰু পুত্ৰই চাহাৰা গ্ৰুপৰ আৰ্থিক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ ধন অবৈধ হস্তান্তৰত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ইডিৰ দাবী যে মধ্যপ্ৰদেশৰ ৫০০ একৰতকৈ অধিক মাটি বিক্ৰী কৰি ছাহাৰা গ্ৰুপে ৭২.৮২ কোটি টকা লুটি নিছে। যিটো ছেবি-চাহাৰা ৰিফাণ্ড একাউণ্টত জমা কৰাৰ পৰিৱৰ্তে আন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল। যদিও এই মাটিৰ বজাৰ মূল্য প্ৰায় ১০০০ কোটি টকা, কিন্তু বিক্ৰী কৰা হৈছিল মাত্ৰ ১২০ কোটি টকাত।

ছাহাৰা গ্ৰুপে এই অভিযোগ সদায় অস্বীকাৰ কৰি কৈ আহিছে যে তেওঁলোকে বিনিয়োগকাৰীক ৯৫% ধন ঘূৰাই দিছে। অৱশ্যে এই দাবী নাকচ কৰি ছেবিয়ে কয় যে বিনিয়োগকাৰীৰ তথ্য পৰীক্ষা কৰাত ব্যৰ্থ হোৱাৰ লগতে ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱ। ২০২৩ চনত ছেবিয়ে কৈছিল যে তেওঁলোকে মাত্ৰ ১৩৮ কোটি টকাহে ঘূৰাই দিবলৈ সক্ষম হৈছিল, যিটো মুঠ প্ৰাপ্য ধনৰ তুলনাত নগণ্য।

এই গোচৰটোৱে সুব্ৰত ৰায়ৰ পৰিয়ালৰ সদস্যৰ পলাতক ঘোষণা আৰু ইয়াৰ লগত জড়িত বিপুল পৰিমাণৰ ধনৰ বাবে যথেষ্ট ৰাজহুৱা চৰ্চাৰ সৃষ্টি কৰিছে। ছাহাৰা গ্ৰুপৰ এই কেলেংকাৰীয়ে ভাৰতৰ বিত্তীয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ দুৰ্বলতা আৰু সাধাৰণ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ আশংকাক প্ৰকট কৰি তুলিছে। আগন্তুক দিনত এই গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িব তাক লৈ দেশৰ দৃষ্টি নিবদ্ধ হৈছে।

Related News