NORTHEAST NOW (Assamese)
দেশ

বিত্তীয় লেনদেন গোচৰত য়েচ বেংকৰ সহ-প্ৰতিষ্ঠাপক ৰাণা কাপুৰৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2021 6:45 pm
Yes Bank founder Rana Kapoor

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ(ED) মুম্বাইৰ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (PMLA) আদালতত য়েছ বেংকৰ সহ-প্ৰতিষ্ঠাপক ৰাণা কাপুৰ, তেওঁৰ পত্নী বিন্দু কাপুৰ আৰু অৱন্ত গোটৰ প্ৰচাৰক গৌতম থাপাৰৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছে।

ৰাণা কাপুৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে লুটিয়েন দিল্লীৰ এটা বাংলো আধা বজাৰ মূল্যত ক্ৰয় কৰাৰ জৰিয়তে এটা ৰিয়েলটি ফাৰ্মৰ পৰা ৩০৭ কোটি টকা উৎকোচ প্ৰাপ্ত কৰাৰ অভিযোগত অভিযোগপত্ৰ দাখিল কৰা হৈছে।

ইডিয়ে অভিযোগ কৰিছিল যে ইয়েছ বেংকৰ পৰা ৰিয়েলটি ফাৰ্মলৈ প্ৰায় ১,৯০০ কোটি টকাৰ ঋণ দানৰ বাবে কাপুৰক উৎকোচ দিয়া হৈছিল।

সূত্ৰ অনুসৰি, ৮০ পৃষ্ঠাৰ চাৰ্জশ্বীটখনত ৰাণা কাপুৰ, বিন্দু কাপুৰ, গৌতম থাপাৰকে ধৰি প্ৰায় ১০ জন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ লগতে ব্লিছ এবোডে প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে। উল্লেখ্য যে য’ত বিন্দু কাপুৰ এই প্ৰতিষ্ঠানৰ পৰিচালক আছিল।

ব্লিছ এবোডে প্ৰাইভেট লিমিটেডক বিক্ৰী কৰা বাংলোটো লুটিয়েন দিল্লীত ১.২ একৰ ভূমিত অৱস্থিত। বাংলোটো কাপুৰে ৩৭৮ কোটি টকাত ক্ৰয় কৰিছিল আৰু বাংলোটো পিছত ইণ্ডিয়াবুলছ হাউচিং ফাইনেন্স লিমিটেডৰ সৈতে ৬৮৫ কোটি টকাত বন্ধকত ৰখা হৈছিল।

ক্ৰয় মূল্য আৰু বন্ধকী মূল্যৰ মাজৰ পাৰ্থক্যক থাপাৰৰ পৰা কাপুৰে লাভ কৰা উৎকোচৰ পৰিমাণ বুলি সন্দেহ কৰা হৈছে।

ৰাণা কাপুৰক যোৱা বছৰ মাৰ্চত ইডিয়ে য়েছ বেংক-ডিএইচএফএল গোচৰত গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰ অনুসৰি কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ডিএইচএফএলত কৰা ঋণপত্ৰ বিনিয়োগৰ বাবে ডিএইচএফএলৰ জৰিয়তে তেওঁলোকৰ প্ৰতিষ্ঠানত ৬০০ কোটিতকৈও অধিক উৎকোচ লাভ কৰিছিল।

ৰাণা কাপুৰক এই বছৰ জানুৱাৰীত ইডিয়ে আন এটা উৎকোচৰ গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল।

কাপুৰক ইডিয়ে আন পাঁচটা গোচৰত অভিযোগনামা দাখিল কৰিছে, য’ত আছে য়েছ বেংক-ডিএইচএফএল গোচৰ, মেকষ্টাৰ ঋণ গোচৰ, য়েছ বেংক অৱন্ত গোট জালিয়াতি গোচৰ, কক্স আৰু কিংছ গোচৰ।

ইডি বিষয়াসকলে আগষ্টত তালোজা কাৰাগাৰত গোচৰটোৰ সন্দৰ্ভত ৰাণা কাপুৰৰ বিবৃতি লিপিবদ্ধ কৰিছিল। বৰ্তমান, ৰাণা কাপুৰ ন্যায়িক জিম্মাত আছে।

ইডিৰ বাহিৰে, চিবিআইয়ে ৰাণা কাপুৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন আৰু কৰ্তব্যত অৱহেলা কৰাৰ বাবে জালিয়াতি, প্ৰৱঞ্চনাৰ বাবে গোচৰ ৰুজু কৰিছে।