NORTHEAST NOW (Assamese)

বিৰোধীক টেটুচেঁপা! ৰাজস্থানৰ গৃহমন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান 

September 26, 2023 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

কেইমাহমানৰ পিছতে ৰাজস্থানত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। বৰ্তমান কংগ্ৰেছৰ চৰকাৰ ৰাজস্থানত। পৰৱৰ্তী নিৰ্বাচনতো ৰাজ্যখনৰ মচনদ দখল কৰাৰ আশা নাই বিজেপিৰ। 

ইফালে নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ কংগ্ৰেছ নেতাৰ ওপৰত জঁপিয়াই পৰিছে কেন্দ্ৰীয় বলৱৎকাৰী সংস্থা ইডি।  ৰাজস্থানৰ গৃহমন্ত্ৰী ৰাজেন্দৰ সিং যাদৱৰ বাসগৃহত মঙলাবাৰে উপস্থিত হৈছে ইডিৰ দল। পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় অনুসন্ধান অভিযান। 

ৰাজেন্দৰ সিং যাদৱ জয়পুৰৰ কোটপুতলী সমষ্টিৰ বিধায়ক। গৃহ মন্ত্ৰালয়ৰ বাহিৰেও তেওঁ উচ্চ শিক্ষা, ন্যায়পালিকা, ৰাজ্যিক মটৰ গেৰেজ, পৰিকল্পনা আদি কেইবাটাও বিভাগৰ দায়িত্বত আছে। 

ইডিৰ এক সূত্ৰৰ মতে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আঁচনিৰ আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। সেইবাবেই এই অনুসন্ধান অভিযান চলোৱা হৈছে। 

কোটপুতলীত থকা মন্ত্ৰীগৰাকীৰ বাসগৃহৰ উপৰিও বিৰাটনগৰৰ বেহৰৰকে ধৰি আন ১০টা স্থানত তালাচী চলোৱা হৈছে। এই সকলোবোৰ ঠাইৰ লগত যাদৱৰ সংযোগ আছে।

খবৰ অনুসৰি, ৰাজেন্দ্ৰ সিং যাদৱৰ বাসগৃহৰ বাহিৰত কেইবাখনো বাহন দেখা পোৱা গৈছে আৰু মন্ত্ৰীগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰা হৈছে। সূত্ৰ অনুসৰি, আয়কৰ বিভাগেও এই তদন্তত যোগদান কৰিব পাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আয়কৰ বিভাগে ৰাজেন্দ্ৰ যাদৱৰ সৈতে জড়িত ৫৩টা স্থানত অভিযান চলাইছিল।

Related News