NORTHEAST NOW (Assamese)

দিল্লী বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ক’লা পতাকা প্ৰদৰ্শন : বাতিল হ’ল যোগ দিৱসৰ কাৰ্যসূচী

June 21, 2024 3:18 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 21, 2024 4:14 pm

দিল্লী বিশ্ববিদ্যালয়ত যোগ দিৱস উদযাপনত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰিল যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী বাতিল কৰিবলগা হ’ল।

উল্লেখ্য যে, নীট আৰু ইউজিচি-নেটৰ দুৰ্নীতিৰ ফলত সমগ্ৰ দেশতেই এক হুলস্থূলীয়া পৰিৱেশ অব্যাহত আছে। ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনে সময়ে সময়ে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

কংগ্ৰছৰ ছাত্ৰ সংগঠন NSUI এ বৃহস্পতিবাৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনায়।

শুকুৰবাৰে পুৱা একেটা বিষয়তে দিল্লী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয় প্ৰধান। আনহাতে, আজি পুৱাৰে পৰা কংগ্ৰেছ ছাত্ৰ সংগঠনটোৱে মন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। অর্থাৎ দেশ-বিদেশত অস্বস্তিত পৰিছে শিক্ষামন্ত্রী৷

ইয়াৰ পূৰ্বে ইউজিচি-নেটত প্ৰশ্ন ফাদিলৰ অভিযোগ অস্বীকাৰ কৰা ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে সন্ধিয়া দেশজুৰি প্ৰতিবাদৰ মাজতে প্ৰকাশ কৰা এক বিবৃতিত এই কথা স্বীকাৰ কৰে। তেওঁ কয়, ‘আমি এই প্ৰশ্নটো ডাৰ্কনেটত ফাদিল হোৱাৰ প্ৰমাণ পাইছিলোঁ আৰু টেলিগ্ৰামত প্ৰচাৰিত হৈছিল। গতিকে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হ’ল। কাগজ ফাদিল হোৱাটো এন টি এৰ প্ৰতিষ্ঠানিক ব্যৰ্থতা।”

তেওঁ কয় যে পৰীক্ষাৰ আয়োজক সংস্থা এন টি এৰ গাঁথনিগত আৰু পদ্ধতিগত পুনৰীক্ষণৰ প্ৰয়োজন। লগতে তেওঁ কয় যে এই সংশোধনীৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ’ব।

মন কৰিবলগীয়া যে যোৱা মঙলবাৰে সমগ্ৰ দেশতে UGC NET পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ বাবে প্ৰায় ৯ লাখ প্ৰাৰ্থীয়ে অৱৰ্ত্তীণ হৈছিল। কিন্তু বুধবাৰে নিশা চৰকাৰে ঘোষণা কৰে যে এই পৰীক্ষা বাতিল কৰা হৈছে।

Related News