NORTHEAST NOW (Assamese)
অসম

ৰান্ধনীৰ প্ৰতিবাদত সেও মানি বুধবাৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি শিক্ষা মন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 12, 2019 12:02 pm
WhatsApp Image 2019-11-12 at 11.31.50 AM

মঙ্গলবাৰে শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাই।

NGO ক খাদ্য বিতৰণৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পাঁচ শতাধিক প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীয়ে শিক্ষা মন্ত্ৰীৰ বাসগৃহৰ সন্মুখভাগ উত্তাল কৰি তোলে।

ইপিনে এই প্ৰতিবাদত সেও মানি কাইলৈ সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাৰ সৈতে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়ে শিক্ষামন্ত্ৰীয়ে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত বহিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে।

বুধবাৰে দিনৰ ১১ বজাত জনতা ভৱনত শিক্ষা মন্ত্ৰী আৰু ৰান্ধনী সন্থাৰ প্ৰতিনিধিৰ মাজত আলোচনা অনুষ্ঠিত হ’ব।

আনহাত, কাইলৈ আলোচনা ইতিবাচক নহ’লে বা ৰান্ধনীসকলৰ ন্যায্য দাবী মানি নল’লে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সন্থাৰ উপ সভাপতি কুদেজা খাতুনে।

ৰান্ধনী সন্থাৰ উপ সভাপতি গৰাকীয়ে ৰেইল পথ অৱৰোধ, জনতা ভৱনৰ সন্মুখত আমৰণ অনশনৰো হুংকাৰ দিয়ে।

ৰান্ধনী সকলৰ এই আন্দোলনৰ হুংকাৰৰ পাছত “মধ্যাহ্ন ভোজন একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ” বুলি কোৱা শিক্ষা মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।