NORTHEAST NOW (Assamese)

দেশৰ ৪২ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত খালী হৈ আছে ৬২১০ টা শিক্ষকৰ পদ : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

February 10, 2021 8:25 am · এন ই নাও নিউজ
Updated: February 10, 2021 8:26 am
ৰমেশ পোখৰিয়াল নিশাংক। ফাইল ফটো

কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহত খালী হৈ থকা শিক্ষকৰ পদৰ বিষয়ে আজি লোকসভাত তথ্য দাঙি ধৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে।

সোমবাৰে লোকসভাত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ বিষয়ে উল্লেখ কৰি ৰমেশ পোখৰিয়ালে দেশৰ ৪২ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত মুঠ ৬২১০ টা শিক্ষকৰ পদ খালী হৈ আছে বুলি সদৰী কৰে।

শিক্ষকৰ উপৰিও অন্যান্য বিভাগৰ মুঠ ১২,৪৩৭ টা পদ এই সমূহ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত খালী হৈ আছে বুলিও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে তথ্য দাঙি ধৰে।

বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়, মহাবিদ্যালয় সমূহত শিক্ষক নিযুক্তিৰ বাবে বিভাগীয় নিৰ্দেশনা প্ৰস্তুত কৰিছে বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে সদনৰ আগত কয়।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত খালী হৈ থকা পদ সমূহ পুৰণৰ বাবে বিভিন্ন ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে দীৰ্ঘদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

Related News