NORTHEAST NOW (Assamese)
অসম

ধুবুৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কোভিড আক্ৰান্তৰ সংখ্যা ৩০০ অতিক্ৰম

Posted by: মুকেশ সিং Updated by: মুকেশ সিং April 30, 2021 4:34 pm
Campus view of Dh

ধুবুৰী জিলাত কোভিড আক্ৰান্তৰ সংখ্যা ৩০০ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই আজি এক নিৰ্দেশ যোগে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং চেন্টাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে৷

তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱা এই নিৰ্দেশ ১৫ দিনৰ বাবে বাহাল থাকিব৷

উল্লেখ্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যিবোৰ জিলাত কোভিড আক্ৰান্তৰ সংখ্যাই ৩০০ ৰ ঘৰ অতিক্ৰম কৰিব সেই জিলা সমূহত তৎকালিন ভাবে কাৰ্যকৰী হোৱাকৈ উপায়ুক্তই শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিব ।

ধুবুৰী জিলাত যিহেতু কোভিড আক্ৰান্তৰ সংখ্যাই ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে সেইবাবে জিলা উপায়ুক্তই জিলা খনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে।