Vaccinated 30 Students With 1 Syringe মধ্য প্ৰদেশত ভয়ংকৰ ঘটনাঃ ৩০টিকৈ কণমানিক একেটা চিৰিঞ্জেৰেই দিলে ভেকছিন

এটি নহয়, দুটি নহয় ৩০ টিকৈ কণমানি শিশুক একেটা চিৰিঞ্জেৰেই কোভিডৰ ভেকচিন দিয়াৰ কথাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা ঘটিছে মধ্যপ্ৰদেশৰ সাগৰ জিলাত। সাগৰ নামৰ ঠাই খনত অৱস্থিত জৈন পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী একেটা চিৰিঞ্জেৰেই কোভিডৰ ভেকচিন প্ৰদান কৰাৰ পিছতে শংকিত হৈ পৰিছে অভিভাৱকসকল।
একেটা চিৰিঞ্জেৰেই ব্যৱহাৰ কৰাৰ ফলত এইছআইভি, হেপাটাইটিছ আদি ৰোগ সংক্ৰমিত হোৱাৰ আশংকা ৰৈ যায়। কিন্তু তেনে আশংকাৰ প্ৰতি যেন কোনো ভ্ৰুক্ষেপেই নকৰিলে মধ্য প্ৰদেশৰ স্বাস্থ্য বিভাগৰ একাংশ লোকে।
একেটা চিৰিঞ্জেৰেই ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক ভেকছিন প্ৰদান কৰা জীতেন্দ্ৰ নামৰ লোকজনে প্ৰকাশ কৰা মতে কৰ্তৃপক্ষই হেনো তেওঁক ছাত্ৰ-ছাত্ৰীসকলক মাত্ৰ এটা চিৰিঞ্জেই ভেকছিন দিবলৈ কৈছিল।
এই ক্ষেত্ৰত তেওঁৰ দোষ ক’ত বুলিও জীতেন্দ্ৰই ওলোটাই প্ৰশ্নহে কৰিছে। জীতেন্দ্ৰই কয়’ মোক যি কৰিবলৈ কোৱা হৈছিল সেয়াই কৰিছিলোঁ।’
এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে সাগৰ জিলা প্ৰশাসনে জিতেন্দ্ৰৰ লগতে ভেকছিন প্ৰদানৰ দায়িত্বত থকা জিলা টিকাকৰণ বিষয়া ড০ ৰাকেশ ৰোশনৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰিছে।
সাগৰ জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।