NORTHEAST NOW (Assamese)
দেশ

ফটোতো সুৰক্ষিত নহয় নাৰী! দিন দুপৰতে সুন্দৰী মহিলাৰ পোষ্টাৰ চেলেকিছে বৃদ্ধই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2026 11:14 am

এখন ট্ৰাকৰ পিছফালে লগোৱা আছে সুন্দৰী মহিলাৰ ছবি। সেই ছবিতেই লালসাৰে চেলেকি আছে এজন বৃদ্ধই। ওচৰৰ মানুহেও এই কাণ্ড চাই আছে। এনেকুৱা এটা ভিডিঅ’ই বৰ্তমান ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ভিডিঅ’টো এক্স হেণ্ডেলত যশিন্দৰ কৌৰ নামৰ এগৰাকী ব্যক্তিয়ে পোষ্ট কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতেই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰে আৰু ইয়াক দেখি নেটিজেনসকল ক্ষোভত ফাটি পৰে।

ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে বৃদ্ধজনে একেৰাহে মহিলাগৰাকীৰ ছবিখন চেলেকি আছে। অৱশ্যে মহিলাগৰাকীৰ ছবিখন ট্ৰাকৰ পিছফালে অঁকা নে কোনো পোষ্টাৰ লগোৱা আছে সেয়া স্পষ্ট হোৱা নাই। বৃদ্ধজনৰ এই কাণ্ড ওচৰৰ লোকসকলে ৰৈ ৰৈ চাই আছিল। ভিডিঅ’টোত কিছুমান কিশোৰ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীকো দেখা গৈছে। বহুতে দূৰৰ পৰাই এই অস্বস্তিকৰ দৃশ্যটো চাই আছিল।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ সময়ত পোষ্টদাতাই লিখিছিল যে ছোৱালীতো দূৰৰ কথা, আজিকালি ভাৰতত ছোৱালীৰ পোষ্টাৰো সুৰক্ষিত নহয়। ভিডিঅ’টো বিহাৰৰ এটা সৰু অঞ্চলৰ বুলি কোৱা হৈছে। এই মানুহজনে ছোৱালীৰ পোষ্টাৰ চেলেকি আছে আৰু সৰু সৰু ছোৱালীবোৰে সেয়া ৰৈ ৰৈ চাই আছে। এওঁলোকেই সুযোগ পালে সৰু সৰু ছোৱালীক ধৰ্ষণ কৰে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

এক্স হেণ্ডেলত এই ভিডিঅ’টো আঢ়ৈ লাখতকৈও অধিক মানুহে চাইছে আৰু কমেণ্ট বক্স মানুহৰ প্ৰতিক্ৰিয়াৰে ভৰি পৰিছে। এজনে লিখিছে যে এনেকুৱা মানুহৰ গাত নিশ্চয় পিশাচ লম্ভিছে, নহ’লে কোনো সুস্থ মানুহে এনেকুৱা আচৰণ কৰিব নোৱাৰে। আন এজনে লিখিছে যে এনে ঘটনাক কেতিয়াও সহ্য কৰিব নালাগে আৰু এওঁলোকক আৰক্ষীক গটাই দিব লাগে। অন্য এজন ব্যক্তিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে চৰকাৰৰ পৰা বিনামূলীয়া ৰেচন পাইছে, গতিকে খোৱাৰ চিন্তা নাই। সস্তীয়া ইণ্টাৰনেট ভৰাই গোটেই দিন বেয়া ভিডিঅ’ চাই থাকে আৰু তাৰ পিছত জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি ছোৱালীৰ পোষ্টাৰলৈকে কাকো এৰা নাই।

এজন নেটিজেনে এই ঘটনাক লৈ আক্ষেপ প্ৰকাশ কৰি কয় যে এইবোৰ মানুহে গোটেই দিন কি ভাৱে আৰু ইহঁতৰ মগজুত কি চলে সেয়া জানিবলৈ ইচ্ছা হয়। ৰাজহুৱা স্থানত এনেকুৱা কাম কৰিবলৈ ইহঁতৰ অকণো লাজ নাই। ইয়াৰ উত্তৰত আন এজনে লিখিছে যে আচলতে ইহঁতৰ হেৰুৱাবলৈকো একো নাই আৰু পাবলৈকো একো নাই, কোনে কি ভাৱিলে ইহঁতৰ একো আহে-নাযায়। বহুতে আকৌ লিখিছে যে পশুবোৰেও এনেকুৱা আচৰণ নকৰে। কোনোবাই আকৌ কৈছে যে এতিয়া আৰু এইবোৰ দেখি আচৰিত নহওঁ, কাৰণ এইবোৰ দেখি দেখি এতিয়া অভ্যাসত পৰিণত হৈ গৈছে।