NORTHEAST NOW (Assamese)

আগষ্টৰ পৰা পুনৰ খুলিব নেকি দেশৰ শিক্ষানুষ্ঠানসমূহ! : কি ক’লে মানৱ সম্পদ মন্ত্ৰী পোখ্ৰিয়ালে

June 7, 2020 5:22 pm · এন ই নাও নিউজ
Updated: June 8, 2020 3:42 pm

চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা দেশত শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ নিশাঙ্ক পোখ্ৰিয়ালে এক সাক্ষাৎকাৰত ঘোষণা কৰিছে এই কথা।

উল্লেখ্য যে, দেশত ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল’কডাউনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে মাৰ্চ মাহৰ মধ্যভাগৰ পৰাই শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ আছে।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী পোখ্ৰিয়ালে এক সাক্ষাৎকাৰত কয় যে শিক্ষানুষ্ঠানসমূহ খুলিলেও ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ সকলোধৰণৰ স্বাস্থ্য বিধি মানি চলাৰ লগতে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিব।

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে ইটোৰ পিছত সিটো পৰ্যায়ৰ ল’কডাউন সমগ্ৰ দেশতে বলৱৎ কৰাৰ ফলত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাক লৈ দেশৰ ৩৩ কোটি শিক্ষাৰ্থীসহ অভিভাৱক অনিশ্চয়তাৰ মাজত আছে।

সাক্ষাৎকাৰত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয় যে আগষ্টৰ পৰা দেশত সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠান পুনৰ খুলিব পাৰিম বুলি আশাবাদী।

অৱশ্যে এই সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও কেন্দ্ৰীয় মন্ত্ৰী পোখ্ৰিয়ালে কয় যে অহা ১৫ আগষ্টৰ পিছৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সম্ভাৱনা আছে।

পঞ্চম পৰ্যায়ৰ ল’কডাউনত দেখা গৈছে পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন কৰ্মক্ষেত্ৰসমূহ লাহে লাহে খোলা হৈছে।

আনকি কিছুমান নীতি নিয়মৰ মাজেৰে ধৰ্মীয় স্থান তথা মন্দিৰ আদিও খোলা হৈছে।

পৰিবহণ ব্যৱস্থাও পুনৰ আৰম্ভ কৰা হৈছে সমগ্ৰ দেশতে।

তেনে সময়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী গৰাকীয়ে কয় যে, ‘আগন্তুক ১৫ আগষ্টৰ পূৰ্বে সকলো পৰীক্ষাৰে ফলাফলসমূহ ঘোষণা কৰাৰ চেষ্টা চলাই থকা হৈছে।’

এক সূত্ৰৰ মতে শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিলে সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত শিক্ষাৰ্থী-শিক্ষক সকলোৱে মাস্ক আৰু গ্ল’ভছ পৰিধান কৰাতো বাধ্যতামূলক কৰা হ’ব।

থৰ্মাল স্ক্ৰীণিঙৰ ব্যৱস্থাও কৰা হ’ব শিক্ষানুষ্ঠানসমূহত। শাৰীৰিক দূৰত্বও বজাই ৰখাটো বাধ্যতামূলক কৰা হ’ব বুলি সূত্ৰত প্ৰকাশ।

অৱশ্যে এই সংক্ৰান্ত এতিয়াও চৰকাৰী আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

Related News