NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগত বিদ্যালয়, পৰ্যটক ল’জক কোভিড-১৯ চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 5:27 pm
পশ্চিমবংগত বিদ্যালয়, পৰ্যটক ল’জক কোভিড-১৯ চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত

পশ্চিমবংগ চৰকাৰে কিছুসংখ্যক বিদ্যালয় আৰু পৰ্যটক ল’জক কোভিড-১৯ হাস্পাতাললৈ উন্নীত কৰিব বুলি ঘোষণা কৰিছে।

‘‘বহিঃৰাজ্যৰ পৰা লক্ষাধিক লোক পশ্চিমবংগলৈ উভতি অহাৰ পাছত অধিক সংখ্যক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। এতিয়া অধিক সংখ্যক পৰীক্ষাও কৰা হৈছে, সেইবাৰে আমি সাজু হৈ থকাটো প্ৰয়োজনীয়,’’ পশ্চিমবংগ চৰকাৰে এক জাননীত উল্লেখ কৰিছে।

বৰ্তমান পশ্চিমবংগত ৬৯ খন কোভিড-১৯ হস্পাতাল আছে।

পশ্চিমবংগত ক্ৰমাগতভাৱে ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।

আনহাতে, পশ্চিমবংগ বিজেপিৰ অধ্যক্ষ দিলীপ ঘোষে মমতা বেনাৰ্জী চৰকাৰক ক’ৰ’নাৰ প্ৰকৃত তথ্য লুকুৱাইছে বুলি অভিযোগ কৰিছে।

মমতা বেনাৰ্জী চৰকাৰে আই চি এম আৰক ৰাজ্যখনত এই সংকটকালত অন্তৰ্ভূক্ত নকৰি প্ৰকৃত তথ্য লুকুওৱাৰ চেষ্টা কৰিছে বুলি ঘোষে লগতে কয়।

দিলীপ ঘোষে শীঘ্ৰে পশ্চিমবংগ চৰকাৰক এই সন্দৰ্ভত শ্বেত পত্ৰ জাৰি কৰিবলৈ দাবী জনায়।