NORTHEAST NOW (Assamese)
Popular Stories

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত মাতৃসহ দুই শিশুৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 5:20 pm
gas-cylinder-blast-1200x480

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এগৰাকী মহিলাসহ দুটি শিশুৰসকৰুণ মৃত্যু ঘটিছে।

এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈছে সোমবাৰে ছত্তিশগড়ৰ ৰায়গড়ত।

ঘটনাৰ বিৱৰণীৰ মতে ছত্তিশগড়ৰ ৰায়গড় জিলাৰ চান্দাই নামৰ গাঁৱত এটা পৰিয়ালৰ পাকঘৰত সংঘটিত হোৱা এই বিস্ফোৰণত মাতৃ গৰাকীৰ সৈতে দুটি অকণি শিশুৰ মৃত্যু ঘটে।

ৰায়গড় আৰক্ষীয়ে নিহত মহিলা গৰাকী লতা চাহু(২৫) আৰু তেওঁৰ দুই সন্তান ক্ৰমে টিকেশ চাহু(৭) আৰু ঝলক চাহু(৩) বুলি চিনাক্ত কৰিছে।

‘জিলাখনৰ চাৰণগড় আৰক্ষী থানাৰ অন্তৰ্গত চান্দাই গাঁৱৰ মহিলাগৰাকীয়ে আহাৰ ৰান্ধি থাকোতেই ৰন্ধন গেছৰ চিলিণ্ডাৰটো বিস্ফোৰণ ঘটে। তিনিজনৰ মৃত্যু ঘটাৰ লগতে ঘৰটোও ক্ষতিগ্ৰস্ত হৈছে।’ ৰায়গড়ৰ আৰক্ষী অধীক্ষক সন্তোষ সিঙে কয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত নিহত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল বুলি জানিব পৰা গৈছে।

‘দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।’ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

দুৰ্ঘটনাটোৱে সমগ্ৰ গাঁওখনকে শোকাকুল কৰি তুলিছে।