NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত আৰক্ষীৰ বৃহৎ সাফল্য; সজীৱ গুলী আৰু পিষ্টল সহ পাচঁজন দুৰ্ধৰ্ষ ডকাইতক আটক

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা June 1, 2020 5:12 pm
পুৰণিগুদামত আৰক্ষীৰ বৃহৎ সাফল্য; সজীৱ গুলী আৰু পিষ্টল সহ পাচঁজন দুৰ্ধৰ্ষ ডকাইতক আটক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত কাষৰিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩১ মে’ৰ নিশা আৰক্ষীয়ে অভিযান চলাই পাঁচ জন দুৰ্ধৰ্ষ ডকাইতক পিষ্টল সহ আটক কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ সহযোগত এটা আৰক্ষী দলে ৩১ মে’ৰ নিশা এক গোপন সুত্ৰৰ পম কাষৰিগাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ক্ৰমে আমনিৰ জিয়াবুৰ ৰহমান(২৭)পেনাই বাজিয়াগাৱঁৰ ৱাহিদুল ইছলাম (৩১)মাগুৰমাৰীৰ মাৰফৎ আলী(২০) দিজুবস্তিৰ জামছেদ আলী (২৯) আৰু মাগুৰমাৰীৰ মফিদুল ইছলাম (২০) নামৰ দুৰ্ধৰ্ষ পাচঁজন ডকাইতক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে উক্ত ডকাইত কেইজনৰ পৰা এটা ৭.৬৫ পিষ্টল, এটা .২২ পিষ্টল আৰু এটা পুতলা পিষ্টল সহ আঠ জাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়ে ৷

আনহাতে, যোৱা নিশা আৰক্ষীয়ে আটক কৰা দুৰ্ধৰ্ষ ডকাইত কেইজনক আজি আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷