NORTHEAST NOW (Assamese)
অসম

তাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে আন কেইবাটাও দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ সাৱ্যস্ত

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ September 1, 2021 2:14 pm
Tai Ahom protest

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত তাই আহোমসকলৰ কেইবাটাও দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

তাই আহোম সকলক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান, মূল্যবৃদ্ধি ৰোধ, গো সুৰক্ষা আইন বাতিল, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নতকে ধৰি কেইবাটা দাবীত তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগ এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তাই আহোম ছাত্ৰ সন্থাৰ দাবীসমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, সংগঠনটোৱে ইয়াৰ অন্যথা জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে।