NORTHEAST NOW (Assamese)
অসম

ভদীয় বানৰ তাণ্ডৱ! টীয়কৰ জাঁজীমুখত বানত বিধস্ত বাট-পথ; প্ৰভাৱিত ৰাইজৰ যাতায়ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 1, 2021 1:24 pm
road collapsed in flood

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে যদিও ভদীয়া বানে তচনচ কৰি গ’ল বাটপথসমূহ।

ভকত গাওঁ -হাতীশাল সংযোগী পথটোৰ কেইবা ঠাইতো ছিঙি নিয়ে ভদীয়া বানে। নৱনিৰ্মিত প্ৰেভাৰ ব্লকৰ পথটো বহু ঠাইত ব্লক সহ উটুৱাই নিয়ে।

আনহাতে, প্ৰেভাৰ ব্লকৰ পথটি ত্ৰুটীপূৰ্ণভাবে নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটি চাইড বাম সম্পূৰ্ণ বালি মাটিৰে দিয়া, পথটোৰ বীমসমুহ প্ৰাককলন অনুসৰি এফুট থাকিব লাগে যদিও মাথো ৬ ইঞ্চিকৈ নিৰ্মাণ কৰা বাবে বানে ছিঙি নিয়াৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, ভদীয়া বানৰ ফলত আন বাটপথসমূহৰ অৱস্থাও শোচনীয় হৈ পৰিছে। বহু পথৰে ৰাইজৰ আহযাহ কৰাটো কঠিন হৈ পৰিছে।