NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ১৩৯০ লৈ বৃদ্ধি ক’ৰ’না ৰোগীৰ সংখ্যা : আজিৰ দিনটোত আক্ৰান্ত ২৯ গৰাকী লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 1, 2020 5:00 pm
EZbBJ48UcAEMQiK

ৰাজ্যত ১৩৯০ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত ৰাজ্যত ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪ গৰাকী চৰাইদেউ, এগৰাকী শিৱসাগৰ, এগৰাকী নগাঁও জিলাৰ।

বৰ্তমান ১১৯৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৮৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে একেলগে ২৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত। তাৰে ১১ গৰাকী বৰপেটা, ৫ গৰাকী ওদালগুৰি, ৩ গৰাকী ধুবুৰী, দৰঙৰ তিনিগৰাকী আৰু শোণিতপুৰ জিলাৰ এগৰাকী।

কালিৰ পৰা আজিলৈকে ১৭৪ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

যোৱা ৩০ মে’ দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৩১৯ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।