NORTHEAST NOW (Assamese)
অসম

হিন্দুক আক্ৰমণ: আমনিত হিন্দু জাগৰণ মঞ্চৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকা দাহ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 21, 2021 8:26 pm
হিন্দুক আক্ৰমণ: আমনিত হিন্দু জাগৰণ মঞ্চৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকা দাহ

চামগুৰিৰ আমনিত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ৷

বৃহস্পতিবাৰে সন্ধিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত হিন্দু জাগৰণ মঞ্চৰ শতাধিক কৰ্মী-সমৰ্থকে কৰিলে পদ যাত্ৰা৷

হিন্দু জাগৰণ মঞ্চৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত প্ৰায় শতাধিক কৰ্মী-সমৰ্থকে ৰাজপথত দাহ কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ পুত্তলিকা।

হিন্দুক অন্যায় কৰা মুছলিম সন্ত্ৰাসবাদীৰ  বিৰুদ্ধে ৰণ হুংকাৰ প্ৰতিবাদকাৰীৰ।

বেদখলকাৰীৰ বিৰুদ্ধে সৌ সিদিনালৈকে মাত মাতি অহা আৰু নিজকে ধৰ্ম নিৰপেক্ষ বুলি  দাবী কৰা আমাৰ বিধায়ক জনে ক’ত খাৰু পিন্ধি বহি আছে বুলিও কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে৷

বিতৰ্কিত মন্তব্যৰে পৰিবেশ বিনষ্ট কৰিব খোজা ইকবাল হুছেইনকো সকীয়নি প্ৰদান কৰে হিন্দু জাগৰণ মঞ্চই।