NORTHEAST NOW (Assamese)

পিৰামিডৰ সন্মুখত অশালীন ফ’টোশ্বুট আৰু ভিডিঅ’ : ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ফ’টোগ্ৰাফাৰ

December 3, 2020 1:56 pm · এন ই নাও নিউজ
Updated: December 3, 2020 2:04 pm

ইজিপ্তৰ প্ৰাচীন মিছৰীয় সভ্যতাৰ যুগমীয়া কৃতিস্তম্ভ পিৰামিডৰ সন্মুখত স্বল্পবসনেৰে শ্বুট কৰা ফ’টো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ মধ্য পাচ্যত চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

পৱিত্ৰ পিৰামিডৰ সন্মুখত ফ’টো কৰাৰ লগতে ভিডিঅ’ শ্বুটিঙৰ কৰাৰ অপৰাধত ইতিমধ্যে ফ’টোগ্ৰাফাৰজনক গ্ৰেপ্তাৰ কৰিছে ইজিপ্তৰ আৰক্ষীয়ে।

ভাইৰেল হোৱা ভিডিঅ’টোৰ মডেল চালমা আল ছিমিয়ো বিপদত পৰিছে।

 

View this post on Instagram

 

A post shared by Salma Elshimy (@salma.elshimy.officiall)

নৱেম্বৰৰ শেষৰফালে পিৰামিডৰ সন্মুখত শ্বুটিং কৰাৰ ভিডিঅ’টোৰ লগতে ফ’টোসমূহ ম’ডেল চালমা আল ছিমিয়ে নিজা ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিছিল।

ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ লগে লগেই চ’ছিয়েল মিডিয়াত তুমুল বিতৰ্কৰ সূত্ৰপাত হয় আৰু বিভিন্ন পক্ষই পিৰামিডৰ সন্মানহানিৰ অভিযোগ তুলি ফ’টোগ্ৰাফাৰ আৰু ম’ডেল গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰা হয়। আৰু ইয়াৰ পিছতেই ফ’টোগ্ৰাফাৰ গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে মডেল চালমাকো গ্ৰেপ্তাৰৰ দাবী উঠিছে। বৰ্তমানলৈকে চালমাক গ্ৰেপ্তাৰ কৰা হোৱা নাই যদিও অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি জানিব পৰা গৈছে।

Related News