NORTHEAST NOW (Assamese)
অসম

এইবাৰ গৃহৰাজ্য গুজৰাটত ‘মোডী হাটাও দেশ বচাও’ পোষ্টাৰ; ৮জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 31, 2023 2:43 pm

দিল্লীৰ পিছত এইবাৰ নিজৰ গৃহ ৰাজ্যতে আপত্তিজনক মন্তব্যৰ লক্ষ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুজৰাটৰ আহমেদাবাদত মোডী বিৰোধী পোষ্টাৰক লৈ তোলপাৰ। এই সন্দৰ্ভত ইতিমধ্যে ৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

শেহতীয়াকৈ আম আদমী পাৰ্টিয়ে মোডীৰ বিৰুদ্ধে দেশজোৰা অভিযান আৰম্ভ কৰিছে। তাৰ পিছতে আহমেদাবাদৰ বিভিন্ন অঞ্চলত ‘মোডী হাটাও দেশ বাচাও’ৰ পোষ্টাৰ পোৱা গ’ল।

লগতে পঢ়ক: অসমবাসীক সতৰ্ক কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ আহ্বান-‘হুঁচিয়াৰ, অসমীয়া!’

আৰক্ষীৰ মতে, সমগ্ৰ ঘটনাৰ এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে গুজৰাট আপৰ মুৰব্বী ইছুদান গাধৱীয়ে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক আপ কৰ্মী বুলি জানিবলৈ দিছে।

তেওঁ এই গ্ৰেপ্তাৰক তেওঁ বিজেপিৰ “স্বৈৰাচাৰ” বুলিও অভিহিত কৰে। তেওঁ দাবী কৰে যে শংকিত হৈয়েই এইদৰে আপৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: সংকটত প্ৰাক্তন ৰাষ্ট্ৰপতি! পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়া গোচৰত অভিযুক্ত ড’নাল্ড ট্ৰাম্প

ইছুদান গাধৱীয়ে কয়, ‘বিজেপি স্বৈৰাচাৰী। মোডী হাটাও দেশ বাচাওৰ পোষ্টাৰ লগোৱাৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আপৰ কৰ্মীক। এই কথাই স্পষ্ট কৰিছে যে মোডী আৰু বিজেপি শংকিত হৈছে। যিমানে চেষ্টা নকৰক, আম আদমী পাৰ্টিয়ে যুঁজ চলাই যাব।”