NORTHEAST NOW (Assamese)

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

July 9, 2025 10:30 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 9, 2025 12:07 am

নেপাল-চীন সীমান্তৰ এখন দলং বানপানীৰ বাবে উটুৱাই নিয়াৰ ফলত কমেও ৮ জন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন নিৰুদ্দেশ হৈছে।  নেপালৰ বিষয়াসকলে এই খবৰ জানিবলৈ দিছে।

নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত আছে ৬ জন চীনা নাগৰিক আৰু তিনিজন নেপালী আৰক্ষী।

নেপালী বিষয়াসকলে জনোৱা মতে, কাষৰ হাইড্ৰ’ ইলেক্ট্ৰিক প্লাণ্টৰ পৰা কিছু লোকক উদ্ধাৰ কৰা হৈছে। এই উদ্ধাৰ অভিযানত সহায়ৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

নেপাল আৰক্ষীৰ মুখপাত্ৰ বিনোদ ঘিমিৰে জনোৱা মতে, আৰক্ষীয়ে ৮টা মৃতদেহ উদ্ধাৰ কৰিছে, যাৰ কোনো এটা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই। তেওঁ কয় যে এই পৰ্যন্ত ৫৭ জন লোকক উদ্ধাৰ কৰা হৈছে।

Related News