NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ; আজি ভোটদানৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 9, 2023 9:23 am

আজি (সোমবাৰে) নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিব। এই ৰাজ্যসমূহৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

জানিব পৰা মতে, নিৰ্বাচন আয়োগে এই ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে। সূত্ৰ অনুসৰি, চত্তীশগড়ত ২টা পৰ্যায়ত আৰু মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানাত ১টাকৈ পৰ্যায়ত ভোটদান অনুষ্ঠিত হব পাৰে।

লগতে পঢ়কঃ ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ! বিৰোধীৰ প্ৰতিক্ৰিয়া

সূত্ৰ অনুসৰি, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ৫খন ৰাজ্যত বিভিন্ন পৰ্যায়ত ভোটগ্ৰহণ হ’ব। পাঁচখন ৰাজ্যত ১ৰ পৰা ২টা পৰ্যায়ত ভোটদান হ’ব পাৰে।

যোৱা শুকুৰবাৰে দিল্লীত ৫খন ৰাজ্যৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ সৈতে নিৰ্বাচন আয়োগে বৈঠকত মিলিত হৈছিল। শান্তিপূৰ্ণ আৰু নিকাভাৱে নিৰ্বাচন কেনেদৰে অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত বৈঠকত আলোচনা হয়।

ইপিনে,ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু আগ্ৰহেৰে অপেক্ষা কৰি থকা ভোটদানৰ তাৰিখো ঘোষণা কৰা হ’ব। এই সন্দৰ্ভত আজি দিনৰ ১২ বজাত নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰিব।

লগতে পঢ়কঃইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে

উল্লেখ্য যে চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত মিজোৰাম বিধানসভাৰ কাৰ্যকাল শেষ হ’ব। আনহাতে, অহা বছৰৰ জানুৱাৰী মাহত তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভাৰ কাৰ্যকাল বিভিন্ন তাৰিখত সমাপ্ত হ’ব। তেলেংগানাত কেচিআৰৰ দল বিআৰএছ, মধ্যপ্ৰদেশত বিজেপি আৰু ৰাজস্থান-চত্তীশগড়ত কংগ্ৰেছ ক্ষমতাত আছে।