NORTHEAST NOW (Assamese)
অসম

‘উত্তৰ-পূবতো হ’ব পাৰে ছিকিমৰ দৰে পৰিস্থিতি’-সকীয়ালে পদ্মশ্ৰী যাদৱ পায়েঙে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2023 10:30 am

নদীৰ প্ৰাকৃতিক সোঁতত বাধাৰ সৃষ্টি কৰিবলৈ বান্ধ নিৰ্মাণ কৰিলে বাৰে বাৰে ছিকিমৰ দৰে ঘটনা সংঘটিত হ’ব৷ এনে এক বিস্ফোৰক মন্তব্য কৰিছে ফৰেষ্ট মেন নামেৰে পৰিচিত পদ্মশ্ৰী বঁটা বিজয়ী যাদৱ পায়েঙে।

দেওবাৰে তেওঁ পশ্চিমবংগৰ জলপাইগুৰিত পৰিৱেশ কৰ্মীসকলে আয়োজন কৰা এক সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ শেষত তেওঁ সাংবাদিকসকলৰ মুখামুখি হৈ সমগ্ৰ দেশতে পৰিৱেশ ধ্বংস কৰি উন্নয়নৰ তীব্ৰ বিৰোধিতা কৰি এই মন্তব্য কৰে।

তেওঁৰ মতে, পাহাৰত প্ৰকৃতিৰ ধ্বংসই ছিকিমৰ দুৰ্যোগৰ অন্যতম কাৰণ।

লগতে পঢ়কঃ পাঁচ ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ; আজি ভোটদানৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে

জলপাইগুৰি চহৰৰ মাজেৰে বৈ যোৱা কাৰ্লা নদীক টেমছ নদীৰ লগত তুলনা কৰা হয়। ২০১১ চনত সেই নদীত ভয়ংকৰ বিষক্ৰিয়া হৈছিল। ইয়াৰ পিছত নদীৰ মাছ ক্ৰমান্বয়ে কমি আহিল। প্ৰকৃতিপ্ৰেমী জলপাইগুৰি নামৰ নদী আৰু পৰিবেশপ্ৰেমীৰ এটা সংগঠনে বিগত কেইবছৰমানৰ পৰা কাৰ্লা নদীত মাছৰ পোনা মুকলি কৰি আহিছে।

তেওঁলোকৰ আমন্ত্ৰণতে জলপাইগুৰিলৈ গৈছিল যাদৱ পায়েং। তাত তেওঁ কাৰ্লা নদীত মাছ এৰি দিয়াৰ লগতে বৃক্ষৰোপণকে ধৰি একাধিক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

নিজেই এক পৰিত্যক্ত বাকৰিক অৰণ্যলৈ পৰিৱৰ্তন কৰি বন্যপ্ৰাণীৰ বাবে এখন সুন্দৰ বনভূমি গঢ়ি তোলা পৰিৱেশ কৰ্মী যাদৱ পায়েঙক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি প্ৰদান কৰে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

লগতে পঢ়কঃ ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ! বিৰোধীৰ প্ৰতিক্ৰিয়া

জলপাইগুৰিত পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি যাদৱ পায়েঙে কয়, ‘প্ৰকৃতি ধ্বংস কৰা উন্নয়ন আৰু অপৰিকল্পিতভাৱে বান্ধ নিৰ্মাণ কৰাটো ছিকিমৰ দুৰ্যোগৰ অন্যতম কাৰণ। ইয়াৰ পূৰ্বে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল হিমাচল প্ৰদেশত। ভৱিষ্যতেও যদি এনেদৰে চলি থাকে তেন্তে উত্তৰ-পূব ভাৰততো এই ঘটনাৰ পুনৰাবৃত্তি হ’ব। অসমৰ হাফলঙত ৰেল ষ্টেচন নিৰ্মাণৰ বাবে বহু গছ কটা হৈছে। এতিয়া তাৰ পৰিণাম ভুগিবলগীয়া হৈছে।”