NORTHEAST NOW (Assamese)
অসম

ই ভি এম “গণ্ডগোল”! তদন্তৰ বাবে অসম অভিমুখে নিৰ্বাচন আয়োগৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2019 8:42 pm
Election Commission to investigate EVM manipulation in Assam

অসমত সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত ই ভি এমৰ “গণ্ডগোল”ক লৈ উঠা অভিযোগৰ তদন্ত কৰিবলৈ বুধবাৰে আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল।

এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগৰ বিষয়াক সাক্ষাৎ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

যোৱা ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১০:৩০ বজাত কেইবা ত্ৰাকো “অব্যৱহৃত” ই ভি এম গুৱাহাটীৰ আমিনগাঁৱস্থিত এটা গুদামত জমা কৰাক লৈ আয়োগক আপত্তি দৰ্শাইছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

ঘটনাটোক লৈ কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু অতিৰিক্ত উপায়ুক্ত ময়ুৰী ওজাৰ বদলিৰো দাবী কৰিছে কংগ্ৰেছে। ময়ূৰী ওজা গুৱাহাটী লোকসভা সমষ্টিৰ শাসকীয় বিজেপি প্ৰাৰ্থী কুইন ওজাৰ জীয়ৰী।

“ময়ূৰী ওজাৰ মাক কুইন ওজা ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী। ই ভাৰতৰ নিৰ্বাচনী আয়োগৰ আদৰ্শ আচৰণবিধিৰ পূৰ্ণ উলংঘন,” বৰাই কয়।

বৰাই কয় যে এই দুই বিষয়াৰ বদলিকৰণ অবিহনে “নিৰপেক্ষ” ভোটগণনা অসম্ভৱ।

গুৱাহাটী লোকসভা সমষ্টিৰ কেইবাটাও বিধানসভাৰ ব্যৱহৃত ই ভি এমসমূহো আমিনগাওঁস্থিত কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ স্ত্ৰং ৰুমতে জমা ৰখা হৈছে।