নৱেম্বৰ মাহত ভোটাৰ তালিকা সংশোধন কৰিব নিৰ্বাচন আয়োগে! অসমকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ সৈতে বৈঠক
নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভোটাৰ তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ! নিৰ্বাচন আয়োগে অসমকে ধৰি ৫খন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এই নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ নেতৃত্বত পূৰ্ণ বিচাৰপীঠে নিৰ্বাচনী বিষয়াসকলৰ পৰা জানিব বিচাৰিছে যে অক্টোবৰৰ ভিতৰত ভোটাৰ তালিকা সংশোধনৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কিমান দূৰ আগবাঢ়িছে। বুধবাৰৰ পৰা দিল্লীত আৰম্ভ হয় নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ বৈঠক। য’ত সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত থাকে।
বৈঠকত অসমকে ধৰি পাঁচখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক অক্টোবৰৰ ভিতৰত প্রস্তুতি সম্পূর্ণ কৰিব লাগিব বুলি অৱগত কৰা হয়৷ এই পাঁচখন ৰাজ্য হ’ল পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰী। জানিব পৰা মতে, আয়োগৰ পূৰ্ণ বিচাৰপীঠে বৃহস্পতিবাৰে সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে পৃথক পৃথক বৈঠকত মিলিত হৈ এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি পুনৰীক্ষণ কৰে।
সূত্ৰ অনুসৰি, নৱেম্বৰৰ আৰম্ভণিতে আৰম্ভ হ’ব পাৰে SIRৰ প্ৰথম পৰ্যায়ৰ কাম। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ ডেম’ক্ৰেচি এণ্ড ইলেক্টৰেল মেনেজমেণ্টত দুদিনীয়া বৈঠক অনুষ্ঠিত হয়। সভাপতিত্ব কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। আন দুজন আয়ুক্ত হৈছে সুখবীৰ সিং সন্ধু আৰু বিবেক যোশী। ইয়াত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ পূৰ্বে ১০ ছেপ্টেম্বৰত নিৰ্বাচনী তালিকা পুনৰীক্ষণ সন্দৰ্ভত এখন প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হৈছিল। তাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজৰ ভোটাৰ নম্বৰ, শেষৰ পুনৰীক্ষণৰ সময় আৰু বৰ্তমানৰ তালিকাৰ বিশদ তথ্য দাখিল কৰে। এইবাৰ সেই তথ্যৰ ভিত্তিত পৰৱৰ্তী মূল্যায়ন কৰা হৈছে। আয়োগে এতিয়া কেইটামান মূল বিষয়ত গুৰুত্ব আৰোপ কৰিছে। জানিব পৰা মতে বুথ পৰ্যায়ৰ বিষয়া নিযুক্তিৰ বাবে আয়োগ আটাইতকৈ বেছি চিন্তিত। এই পাঁচখন ৰাজ্যত এতিয়ালৈকে কিমানজন বিএলঅ’ নিযুক্তি দিয়া হৈছে বুলি সোধা হৈছিল। লগতে তালিকাখনত বুথ পৰ্যায়ৰ বিষয়া নিযুক্তি নোপোৱা ঠাইবোৰত কিমানজন বিএলঅ’ নিযুক্তি দিয়া হৈছে বুলিও সোধা হৈছিল। সূত্ৰ অনুসৰি, যিবোৰ স্থানত এতিয়াও বুথ পৰ্যায়ৰ বিষয়া নিযুক্তি দিয়া হোৱা নাই, সেইবোৰ ঠাইত নিযুক্তি সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব বুলিও সোধা হৈছিল। আয়োগৰ এগৰাকী শীৰ্ষ বিষয়াৰ মতে, “এতিয়া মূল লক্ষ্য হৈছে ভোটাৰ তালিকাত যাতে কোনো ভুল নাথাকে।”