NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইন যুদ্ধত ৰাছিয়াক সহায়! ভাৰতীয় সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইউৰোপীয় ইউনিয়নৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2025 11:55 am
ইউক্ৰেইন যুদ্ধত ৰাছিয়াক সহায়! ভাৰতীয় সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইউৰোপীয় ইউনিয়নৰ

ভাৰতীয় সংস্থাই যুদ্ধক্ষেত্ৰত ৰাছিয়াক শক্তিশালী কৰি তুলিছে! ইউৰোপীয় ইউনিয়নে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰি মুঠ ৪৫টা সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

বাতৰি মতে, সেই সংস্থাসমূহৰ ভিতৰত তিনিটা ভাৰতীয় সংস্থা। এই নিষেধাজ্ঞাক লৈ এতিয়ালৈকে নতুন দিল্লীৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে ভাৰতে প্ৰকৃততে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াৰ তেল ক্ৰয় কৰি ৰাছিয়াক সমৰ্থন কৰিছে। সেইবাবেই ট্ৰাম্পে ভাৰতৰ ওপৰতো অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

অৱশ্যে ইউৰোপীয় ইউনিয়নৰ অভিযোগ বেলেগ। বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত ইউৰোপীয় ইউনিয়নে কয় যে, ‘৪৫টা সংস্থাই ড্ৰ’ন, মাইক্ৰ’ইলেক্ট্ৰনিকছ, অত্যাধুনিক কম্পিউটাৰ আদি প্ৰযুক্তিৰ জৰিয়তে যুদ্ধক্ষেত্ৰত ৰাছিয়াক সহায় কৰি আছে। এই সংস্থাসমূহে ৰাছিয়াক প্ৰত্যক্ষভাৱে সমৰ্থন কৰাৰ বাবে নিষিদ্ধ কৰা হৈছে।’

জনা যায় যে এই ৪৫টা সংস্থাৰ অধিকাংশই ৰাছিয়াৰ। ইয়াৰ বাহিৰেও ১২ টা চীন আৰু হংকঙৰ। তিনিটা সংস্থা ভাৰতৰ। সংবাদ সংস্থাৰ বাতৰি মতে, নিষেধাজ্ঞাৰ তালিকাত থকা ভাৰতীয় সংস্থাকেইটা হ’ল এৰ’ট্ৰাষ্ট এভিয়েশন প্ৰাইভেট লিমিটেড, এচেণ্ড এভিয়েশন ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু শ্ৰী এণ্টাৰপ্ৰাইজ।

থাইলেণ্ডৰ দুটা সংস্থাকো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু ইউৰোপীয় সংঘৰ বিবৃতিত এই সংস্থাসমূহে ৰাছিয়াক কেনেদৰে সহায় কৰিছিল সেই সন্দৰ্ভত কোনো সবিশেষ উল্লেখ কৰা হোৱা নাই।

উল্লেখ্য যে ডেৰ মাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভ’গানৰ সৈতে কথা পাতিছিল। সেই আলোচনাৰ অন্তত উৰ্চুলাই কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত ভাৰতে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰাছিয়াই যাতে যুদ্ধ বন্ধ কৰি শান্তিৰ পথত খোজ দিয়ে তাৰ বাবে ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

কিন্তু তাৰ পিছত ইউৰোপীয় ইউনিয়নে তিনিটা ভাৰতীয় সংস্থাক নিষিদ্ধ কৰিলে। এই বিষয়ত ভাৰতৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। ভাৰতীয় সংস্থাসমূহে সঠিকভাৱে কি কাম কৰে সেয়াও জনা নাযায়। এই নিষেধাজ্ঞাৰ ফলত তেওঁলোকৰ কিমান ক্ষতি হ’ব পাৰে সেই বিষয়ে চৰ্চা চলি আছে।