NORTHEAST NOW (Assamese)

পাঁচ ৰাজ্যৰ নিৰ্বাচন: ৩১ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলীৰ ওপৰত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ

January 22, 2022 7:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 22, 2022 7:53 pm

অহা মাহত অনুষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰোড শ্ব’ আৰু ৰেলীৰ ওপৰত নিষেধাজ্ঞা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে।

অৱশ্যে ১০ আৰু ১৪ ফেব্ৰুৱাৰীত হ’বলগীয়া প্ৰথম দুটা পৰ্যায়ৰ ভোটদানৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে।

নিৰ্বাচন আয়োগে আজি কেন্দ্ৰীয় স্বাস্থ্য সচিব আৰু পাঁচখন ৰাজ্যৰ মুখ্য স্বাস্থ্য সচিবৰ সৈতে ক’ভিদ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰেলীৰ ওপৰত নিষেধাজ্ঞাসমূহ পুনৰীক্ষণ কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকতে নিষেধাজ্ঞা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

নিৰ্বাচন আয়োগে প্ৰথমে ১৫ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব’ নিষিদ্ধ কৰিছিল। পিছত পুনৰ ২২ জানুৱাৰীলৈ এই নিয়ন্ত্ৰণ বৃদ্ধি কৰিছিল।

অৱশ্যে, এইবাৰ আয়োগে ২৮ জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ বাবে আৰু ১ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৰাজহুৱা সভা কৰাৰ বাবে শিথিলতাৰ অনুমতি দিছে।

লগে ঘৰে ঘৰে প্ৰচাৰৰ বাবে আৰু ক’ভিদ নীতি অনুসৰি কিছুমান মুকলি স্থানত প্ৰচাৰৰ বাবে নিৰাপত্তা কৰ্মী আৰু ভিডিঅ’ ভেনক বাদ দি পাঁচজন লোকৰ সীমা ১০ লৈ বৃদ্ধি কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী ২৭ জানুৱাৰীত চূড়ান্ত কৰা হ’ব। সেয়ে আয়োগে নিৰ্ধাৰিত মুকলি ঠাইত ৫০০ জনলৈকে বা খেলপথাৰৰ ক্ষমতাৰ ৫০ শতাংশ বা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ দ্বাৰা নিৰ্ধাৰিত সীমাৰ ভিতৰত ২৮ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে শাৰীৰিক সভাৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

সেইদৰে দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকল ৩১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত কৰা হ’ব। সেয়ে আয়োগে ১ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈকে একে শিথিলতাৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

Related News