NORTHEAST NOW (Assamese)
দেশ

এটা দশকৰ পিছত নিৰ্বাচন : গণতন্ত্ৰৰ উৎসৱত মন মগন জন্মু-কাশ্মীৰবাসীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2024 11:47 am

৩৭০ অনুচ্ছেদ বাতিলৰ পিছত জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথমটো বিধানসভা নিৰ্বাচন। বুধবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১ অক্টোবৰলৈকে তিনিটা পৰ্যায়ত এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত হ’ব ফলাফল ঘোষণা। আজি পুৱাৰে পৰা বুথমুখী কাশ্মীৰৰ ৰাইজ।

উল্লেখ্য যে ২০১৪ চনত শেষবাৰৰ বাবে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত অৱশ্যে উপত্যকাটোৰ সম্পূৰ্ণ ৰাজ্য আছিল। কিন্তু ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰই ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। তেতিয়াৰ পৰাই ই কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছে। তসেয়ে তেতিয়াৰে পৰা অঞ্চলটোত নিৰ্বাচনত অনুষ্ঠিত হোৱা নাছিল।

উল্লেখ্য যে বুধবাৰে প্ৰথম পৰ্যায়ত ২৪টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰে ৮টা সমষ্টি জম্মুত আৰু ১৬ টা কাশ্মীৰত। এই পৰ্যায়ত ২১৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। প্ৰথম পৰ্যায়ত ৩২৭৬টা বুথত ভোটদান কৰিব ২৩ লাখ ভোটাৰে। তাৰ ভিতৰত কাশ্মীৰী পণ্ডিতৰ সংখ্যা ৩৫ হাজাৰ।

জম্মু-কাশ্মীৰ বিধানসভাত ১১৪খন আসন আছে। ইয়াৰে ২৪টা পাকিস্তানে দখল কৰা জম্মু-কাশ্মীৰত আছে। যিহেতু এই ২৪খন আসন সংৰক্ষিত, সেয়েহে বাকী ৯০খন আসনক লৈ হে নিৰ্বাচনী যুঁজ হ’ব। ইয়াৰে ৪৩টা জম্মুত। কাশ্মীৰত ৪৭ জন।