NORTHEAST NOW (Assamese)
অসম

শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগক অপমানেৰে ১ মাৰ্চৰ পৰা ছেবাই বন্ধ কৰিব মাণ্ডলিক কাৰ্য্যালয়

February 21, 2019 12:39 pm

ছাত্ৰ-ছাত্ৰীৰ সমস্যাক পিঠি দি মাৰ্চৰ ১ মাৰ্চৰ পৰা বন্ধ হ’ব ছেবাৰ যোৰহাট আৰু শিলচৰত থকা মাণ্ডলিক কাৰ্য্যালয়। উচ্চস্তৰীয় সমিতিৰ বৈঠকত সমগ্ৰ দিশ পৰ্য্যালোচনা চলাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ছেবাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে শ্ৰীনাথ বৰুৱা আৰু দিলীপ বৰুৱা আয়োগৰ পৰামৰ্শ অনুসৰি শিলচৰ আৰু যোৰহাটত ছেবাৰ মাণ্ডলিক কাৰ্য্যালয় দুটা স্থাপন কৰা হৈছিল। ছেবা কৰ্তৃপক্ষৰ অবহেলাৰ বাবে দুই এজন কৰ্মচাৰীৰে নাম মাত্ৰ  চলি থকা কাৰ্য্যালয় দুটা উন্নয়নৰ পৰিবৰ্তে বন্ধ কৰাৰ সিদ্ধান্তত দল, সংগঠন সমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মাণ্ডলিক কাৰ্য্যালয় দুটা বন্ধ কৰি দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে সন্মুখিন হ’ব পৰা সকলো অসুবিধা সমাধানৰ ক্ষেত্ৰত ছেবাৰ তৰফৰ পৰা পদক্ষেপ লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়া হয়।

আনহাতে, ছেবাই বিদ্যায়তনিক দিশ আৰু পৰীক্ষা সংক্ৰান্তীয় বিষয় সমূহ চোৱা-চিতা কৰাৰ বাবে প্ৰতিখন জিলাতে তিনিজন সদস্যযুক্ত একোখন স্থানীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে। নতুনকৈ গঠন হ’বলগা সমিতিখনে ছাত্ৰ-ছাত্ৰী সকলক অনলাইন আবেদন, এডমিট কাৰ্ডৰ শুধৰণি, পঞ্জীয়ণ কাৰ্ড, মাৰ্ক শ্বিট আদি বিষয়ত সহায় কৰিব।

স্থানীয় সমিতিখন ১ মাৰ্চৰ পৰা কাৰ্য্যকৰী হ’ব বুলি ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। ফলাফল ঘোষণাৰ পাছত পৰিক্ষাৰ্থী সকলৰ উত্তৰ বহীৰ পুনৰ মূল্যাংকনৰ আবেদনো জিলা স্থানীয় সমিতিখনে গ্ৰহণ কৰিব বুলি ছেবা কৰ্তৃপক্ষই অৱগত কৰিছে।