NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ February 21, 2019 1:16 pm
বাংলাদেশৰ ৰাজধানী ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড : মৃতকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এতিয়ালৈ লাভ কৰা খবৰ অনুসৰি অগ্নিকাণ্ডটোত ৬৯জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

পুৰণি ঢাকাৰ চ’ক বজাৰত অৱস্থিত এটা অট্টালিকাত সূত্ৰপাত ঘটা অগ্নিকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটো আবৰি লৈছে। বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনাটো। ঢাকা আৰক্ষী, সেনা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ঘটনাস্থলীৰ পৰা এতিয়ালৈ উদ্ধাৰ হোৱা শিশু, মহিলাকে ধৰি ব্যক্তিসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়াও বহু সংখ্যক লোক অট্টালিকাটো আৰু ইয়াৰ দাতি কাষৰীয়া অট্টালিকাত আবদ্ধ হৈ আছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও ৰাসায়নিক পদাৰ্থৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।