NORTHEAST NOW (Assamese)

তিনিচুকীয়াত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ: বিষক্ৰিয়াৰ ফলত মৃত্যুৰ সন্দেহ

January 9, 2023 6:15 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বন্যহস্তীৰ মৃতদেহ। এইবাৰ তিনিচুকীয়া জিলাৰ ডুমডোমা বনাঞ্চলৰ অন্তৰ্গত তাকাউনি সংৰক্ষিত বনাঞ্চলত আজি পুৱা উদ্ধাৰ কৰা হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ।

জানিব পৰা মতে, স্থানীয় গাঁওবাসীয়ে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগৰ বিষয়াক খবৰ দিয়ে। পিছত বন বিভাগৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ নমুনা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হাতীটোৰ মৃত্যু কেনেকৈ হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বিষক্ৰিয়াৰ ফলতে বন্যহস্তীটোৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কেইবাটাও হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতো। মূলত: বাসস্থানৰ বাবে উপযোগী বনাঞ্চল ক্ৰমাৎ হ্ৰাস পাই অহাৰ ফলতে জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্য হাতীৰ জাক।

তদুপৰি হাতীৰ অহা-যোৱা কৰা পথত ক্ৰমাৎ নিৰ্মাণ বৃদ্ধি হোৱাৰ ফলতো বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। এগৰাকী পৰিৱেশবিদে এই সন্দৰ্ভত কয়, “বাসস্থান হেৰুৱাৰ বাবে হাতীবোৰে খাদ্যৰ সন্ধানত মানুহ বসবাস কৰা অঞ্চলত প্ৰৱেশ কৰিছে, যাৰ ফলত সংঘাতৰ সৃষ্টি হৈছে।”

তেওঁ লগতে কয়, “হাতী কৰিডৰৰ বহু অঞ্চল মানুহে বেদখল কৰিছিল আৰু হাতীৰ মুক্ত চলাচলত বাধাৰ সন্মুখীন হৈছে। হাতীৰ মৃত্যুৰ ইয়ো এক কাৰণ হ’ব পাৰে।”

যোৱা মাহত অসমৰ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত ধাননি পথাৰত এটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হৈছিল। বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল।

Related News