NORTHEAST NOW (Assamese)
ক্ৰীড়া

প্ৰত্যাৱৰ্তনত বিলম্ব! সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত ২২ গজৰ পৰা আঁতৰত থাকিব বুমৰাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2023 5:49 pm
Jasprit Bumrah

ভাৰতীয় বলিং আক্ৰমণৰ মূল হোতা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনত ঘটিব বিলম্ব। তাৰকাগৰাকীৰ ফিটনেচৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআই- এ কাইলৈৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ পৰা বুমৰাহক বাদ দিয়াৰ কথা সদৰী কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে ৩ খন মেচৰ শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দললৈ পুনৰ আমন্ত্ৰণ জনাইছিল। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতৰ হৈ শেষবাৰৰ বাবে খেলিছিল বুমৰাহে।

তাৰ পিছতে আঘাতৰ বাবে তাৰকা পেচাৰগৰাকীয়ে ভাৰতৰ হৈ নমা নাই খেলপথাৰত। আঘাতৰ বাবেই এছিয়া কাপ আৰু টি-২০ বিশ্বকাপতো ভাৰতীয় দলৰ অংশ নাছিল বুমৰাহ। শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত বুমৰাহ পুনৰ খেলপথাৰলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল যদিও বিপদ চপাব বিচৰা নাই বিচিচিআই- এ।

তাতে সমুখত আছে এদিনীয়া বিশ্বকাপ। ঘৰৰ মাটিত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে বুমৰাহক স্বাভাৱিকতেই হ’ব অতি প্ৰয়োজন। এনে অৱস্থাত পেচাৰগৰাকী সম্পূৰ্ণ ফিটনেচলৈ ঘূৰি নহা পৰ্যন্ত খেলপথাৰলৈ ঘূৰাই আনিব বিচৰা নাই বিচিচিআই- এ।

এক বিবৃতিত বিচিচিআই- এ কয়, “শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক ৩খন মেচৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে টিম ইণ্ডিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহ। সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে যশপ্ৰীত বুমৰাহৰ স্থানত কোনো খেলুৱৈৰ নাম উল্লেখ কৰা নাই।”