NORTHEAST NOW (Assamese)

দেৱাশিষ গগৈ গণ হত্যাৰ লগত জড়িত  মুঠ ১১ জন  অভিযুক্তক গ্ৰেপ্তাৰ

June 2, 2020 7:16 pm · নিৰ্মলেন্দু পাঠক
Updated: June 2, 2020 7:19 pm

যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত  মুঠ ১১ জন  অভিযুক্তক বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

গ্ৰেপ্তাৰ হোৱা  ৭ জন  অভিযুক্তক আৰক্ষীয়ে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে।

মৰিয়নীৰ গণপ্ৰহাৰৰ লগত জড়িত ধৃত অভিযুক্ত ক্ৰমে সুনিল চবৰ, ৰাজেন চাওৰা, ৰমেশ চবৰ, পিন্টু নায়ক, ভাইকন বৰা, দীপক চাঁওৰা আৰু বিকাশ তাচাক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ সামান্তৰালভাৱে ৰাধেশ্যাম কুৰ্মী, অশোক তাচা আৰু সচিন তাচাক ন্যায়লয়ে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

তাৰ লগতে গাভৰু চাহ বাগিছাৰ ঘটনাক লৈ সামাজিক মাধ্যমত প্ৰৰোচনা মূলক পোষ্ট দিয়া নাগিনীজান চাহ বাগিচাৰ দিপজ্যোতি নায়ক (নিতেশ) নামৰ যুৱক জনক আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

গাভৰু চাহ বাগিচাৰ গণ হত্যাৰ ঘটনাত জড়়িত অভিযুক্ত সকলক কৰায়ত্ত কৰিবলৈ মৰিয়নী চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়া অৰ্মীত হোজাইৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে তিনি ৰাতি অভিযান চলায় এই এঘাৰ গৰাকী অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় l

Related News