NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ২ নং পৰঙ্গনীয়াত আৰক্ষীৰ সহযোগত অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 25, 2020 6:12 pm
বোকাখাতত ২ নং পৰঙ্গনীয়াত আৰক্ষীৰ সহযোগত অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ

বোকাখাত মহকুমাৰ অন্তৰ্গত গোলাঘাট বন সংমণ্ডলৰ অধীন ২ নং পৰঙ্গনীয়া গাঁৱত দীৰ্ঘ দিন ধৰি চলি থকা এটা অবৈধ কাঠ মিলত আজি অতৰ্কিতে অভিযান চলায় বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ৷

অভিযানৰ সময়ত কাঠ ফলা মিলটোত বহু কাঠৰ কুণ্ডা আৰু বহু কাঠ ফালি থকা হৈছিল ৷

অবৈধভাৱে স্থাপন কৰা মিলটোত উপস্থিত হৈ আৰক্ষী বিষয়া গৰাকীয়ে গোলাঘাট বন সংমণ্ডলক খবৰ দিয়াত বন সংমণ্ডলটোৰ নুমলীগড় খণ্ড বন বিষয়া সহ বনকৰ্মীৰ এটা দল গৈ পৰঙ্গনীয়াৰ এই অবৈধ কাঠ মিলটোত উপস্থিত হয় ৷

খণ্ড বন বিষয়া গৰাকীয়ে মিলৰ চৌহদত ফালিবৰ বাবে অনা অবৈধ কাঠৰ কুণ্ডাৰ লগতে ফলা কাঠ আৰু কাঠ ফলা সঁজুলীৰ উপৰিও কাঠ ফলা মিলটোও জব্দ কৰে ৷

কাঠৰ মিলটোৰ বিভাগীয় কোনো অনুমতি নাই বুলি জানিবলৈ দিয়ে খণ্ড বন বিষয়া জয়ন্ত গোস্বামীয়ে ৷

২ নং পৰঙ্গনীয়াৰ এই অবৈধ কাঠ ফলা মিলটোৰ স্বত্বাধিকাৰ জনৈক ললিত দত্ত বুলি জানিব পৰা গৈছে ৷ মিলটোত আজি দীৰ্ঘ দিন ধৰি অবৈধ ভাৱে কাঠ ফালি থকা বুলি জানিব পৰা গৈছে ৷