NORTHEAST NOW (Assamese)

বুজিবই নোৱাৰি ইলন মাস্কৰ মায়া! আঁতৰিল কুকুৰ, টুইটাৰত পুনৰ ঘুৰি আহিল নীলা চৰাইটো

April 7, 2023 12:01 pm · এন ই নাও নিউজ, গুৱাহাটী

মাত্ৰ কেইটামান দিন পাৰ হৈ গ’ল। কুকুৰটো আঁতৰিল! পুৰণি নীলা চৰাইটো পুনৰ আহিল টুইটাৰত। কিন্তু এই ল’গ’টো আকৌ সলনি কিয়? একাংশৰ মতে কেৱল এপ্ৰিল ফুলৰ বাবেহে ল’গ’ সলনি কৰা হৈছিল। কিছুমানে আকৌ ইয়াৰ আঁৰত ড’গিক’ইনৰ সৈতে আইনী যুঁজ চলি আছে বুলি দাবী কৰিছে। অৱশ্যে ইলন মাস্কৰ মূৰত সঠিকভাৱে কি চলি আছে সেয়া সকলোৰে অজ্ঞাত।

যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। ৰাতিপুৱা ব্যৱহাৰকাৰীয়ে টুইটাৰ খুলি দেখিলে যে হোমপেজৰ পৰা উৰি গৈছে সুপৰিচিত নীলা চৰাইটো। তাৰ ঠাইত দেখা গৈছে কুকুৰৰ ছবি। কিন্তু এই কুকুৰটো নেট জগততো অতি জনপ্ৰিয়।

Twitter Blue – 1

এই কুকুৰটোৰ ছবিখন ড’গিক’ইন নামৰ ক্ৰিপ্টোকাৰেন্সী কোম্পানী এটাৰ ল’গ’ হিচাপে ব্যৱহাৰ কৰা হয়। টুইটাৰৰ এই নতুন ল’গ’টো অগণন মিমৰ জৰিয়তে নেটিজেনৰ মাজত সুপৰিচিত। কিন্তু টুইটাৰে সেই সময়ত স্পষ্ট কৰা নাছিল যে চৰাইটোৰ ঠাইত কিয় কুকুৰটো অনা হ’ল।

লগতে পঢ়ক: কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

ঘটনাৰ কিছুদিন পিছতে পুনৰ টুইটাৰলৈ উভতি আহিছে নীলা চৰাইটো। শুকুৰবাৰে পুৱা টুইটাৰ মুকলি কৰাৰ লগে লগে দেখা গ’ল ১৭ বছৰীয়া ল’গ’টো ঘূৰি আহিছে। কিন্তু পুৰণি ল’গ’টো কিয় সলনি কৰাৰ সিদ্ধান্ত, কিয় আকৌ ঘূৰাই অনা হ’ল, সেয়া সকলো কেৱল সাঁথৰ হৈ ৰ’ল।

Related News