NORTHEAST NOW (Assamese)
অসম

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2021 2:46 pm
a Rahul_Gandh

এক ঐতিহাসিক সত্য যেন অৱশেষত গান্ধী পৰিয়ালে মানি ল’লে।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালিন অৱস্থাৰ ঘোষণা ভুল সিদ্ধান্ত আছিল বুলি ইন্দিৰা গান্ধীৰ নাতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মানি ল’লে।

আমেৰিকাৰ কৰ্ণৱেল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৌশিক বসুৰ সৈতে হোৱা ভাৰ্চুৱেল আলোচনাত ৰাহুল গান্ধীয়ে কয় যে ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালিন অৱস্থাৰ ঘোষণা এটা ভুল সিদ্ধান্ত আছিল।

ৰাহুলে অৱশ্যে লগতে এই কথাও কয় যে জৰুৰীকালিন অৱস্থা আৰু এতিয়াৰ পৰিস্থিতিৰ মাজত বহু খিনি মৌলিক পাৰ্থক্য আছে।

জৰুৰীকালিন অৱস্থাৰ পিছত কংগ্ৰেছে কেতিয়াও দেশৰ প্ৰতিষ্ঠানিক পৰিকাঠামোক নিয়ন্ত্ৰণাধীন কৰাৰ চেষ্টা কৰা নাই বুলি ৰাহুলে দৃঢ়তাৰে ব্যক্ত কৰে।

উল্লেখ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ৰ পৰা ১৯৭৭ চনলৈ মুঠ ২১ মাহৰ বাবে দেশত জৰুৰীকালিন অৱ্সথা ঘোষণা কৰিছিল।

এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ইন্দিৰা গান্ধীয়ে বিৰোধী দলৰ নেতাসকলক কাৰাৰুদ্ধ কৰিছিল। দেশত কাঢ়ি নিয়া হৈছিল সংবাদমাধ্যমৰ স্বাধীনতা।

ঙভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায় হিচাবে পৰিগণিত হোৱা জৰুৰীকালিন অৱস্থাৰ বিৰুদ্ধে এতিয়াও বিৰোধী দল সমূহে বহু সময়ত কৈ আহিছে যদিও গান্ধী পৰিয়ালে কোনো দিনেই জৰুৰীকালিন অৱস্থা ভুল আছিল বুলি কোৱা নাছিল।

ৰাহুল গান্ধীয়েই প্ৰথমে আনুষ্ঠানিক ভাবে আইতাক ইন্দিৰা গান্ধীৰ সিদ্ধান্ত ভুল আছিল বুলি প্ৰকাশ কৰিলে।

অধ্যাপক বসুৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰএছএছক  তীব্ৰ সমালোচনা কৰি কয় যে এই দুয়োটা দলে দেশৰ প্ৰতিষ্ঠানিক পৰিকাঠামোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

যুৱ কংগ্ৰেছ আৰু এনএছইউআইত নিৰ্বাচনৰ পোষকতা কৰাৰ বাবেই বহু কংগ্ৰেছ নেতাই তেওঁক সমালোচনা কৰা বুলিও ৰাহুলে কয়।

এই বাৰ্তালাপৰ সময়তে ৰাহুলে কয় যে বিজেপি চৰকাৰ খনে দেশৰ সংবাদমাধ্যমৰ টেটু চেপি ৰাখিছে। পিতৃ ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডই ৰাহুলক হিংসা কি সেয়া উপলব্ধি কৰোৱাইছে বুলিও তেওঁ মন্তব্য কৰে।